নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পঞ্চভূতত বিলীন কিংবদন্তি গায়ক বালাসুব্রমণিয়মৰ নশ্বৰদেহ

নিয়মীয়া বাৰ্তা, ২৭ ছেপ্টেম্বৰঃ তামিলনাডুৰ থিৰুভাল্লু জিলাৰ ৰেডহিল ফার্ম হাউছত পঞ্চভূতত বিলীন হ’ল কিংবদন্তি গায়ক এছ পি বালাসুব্রমণিয়মৰ নশ্বৰদেহ৷ কালি ক’ভিড–১৯ত আক্রান্ত হৈ দৰদী কণ্ঠশিল্পী বালাসুব্রমণিয়মৰ বিয়োগ ঘটাৰ পাছত আজি ৰাজ্যিক মর্যাদাৰে প্রয়াত গায়কগৰাকীৰ নিজৰ ৰেডহিল ফার্ম হাউছত অন্ত্যেষ্টিক্রিয়া সম্পন্ন কৰা হয়৷ ৫০ বছৰ ধৰি বলীউডৰ লগতে ভাৰতীয় চলচ্চিত্র জগতত কণ্ঠৰ যাদুৰে কোটি কোটি দেশবাসীক মন্ত্রমুগ্ধ কৰি ৰখা গায়কগৰাকীৰ অন্ত্যেষ্টিক্রিয়া ক’ভিড–১৯ৰ সংক্রমণৰ প্রতি লক্ষ্য ৰাখি ৰাজহুৱা সমাৱেশৰ অনুমতি স্থানীয় আৰক্ষীয়ে দিয়া নাছিল যদিও পাছলৈ গুণমুগ্ধৰ বিশাল উপস্থিতিত আৰক্ষীয়ে সেই প্রতিবন্ধকতা প্রত্যাহাৰ কৰিবলৈ বাধ্য হয় আৰু ৰেডহিল ফার্ম হাউছত কিংবদন্তি গায়কগৰাকীক কেইবাসহস্র লোকে শেষ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷

তামিলনাডু আৰক্ষীয়ে ৭২ গান চ্যেলুটেৰে প্রসিদ্ধ শিল্পীগৰাকীক শেষ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পাছতেই পুত্র এছ পি চৰণ আৰু পৰিয়ালৰ লোকৰ উপস্থিতিত শেষকৃত্য সম্পন্ন কৰা হয়৷ উল্লেখ্য যে যোৱা ৫ আগষ্টত ক’ভিড–১৯ত আক্রান্ত হৈ চেন্নাই হাস্পতালত চিকিৎসাধীন হৈ থকা প্রসিদ্ধ দৰদী শিল্পীগৰাকীক আশু আৰোগ্য কামনা কৰি দেশবাসীয়ে ভগৱানৰ ওচৰত প্রার্থনা জনালেও কালি নিয়তিৰ ওচৰত হাৰ মানিছিল শিল্পীগৰাকী৷

You might also like