মহাৰাষ্ট্ৰত বৰষুণৰ বিভীষিকা, ৬৩জনৰ মৃত্যু
মহাৰাষ্ট্ৰত অব্যাহত থকা ধাৰাসাৰ বৰষুণে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। ১ জুনৰ পৰা এতিয়ালৈকে বৰষুণজনিত বিভিন্ন দুৰ্ঘটনাত মুঠ ৬৩জন লোকৰ মৃত্যু হৈছে।
চৰকাৰী তথ্য অনুসৰি, দেৱাল খহি পৰা ঘটনাত ২৫জন, বজ্ৰপাতত ২৩জন আৰু গছ বাগৰি পৰা ঘটনাত ৬জনে প্ৰাণ হেৰুৱাইছে। ইয়াৰ উপৰি বানপানীৰ সোঁতত উটি যোৱাৰ ফলত ৩জন লোকৰ মৃত্যু হৈছে।
বৰষুণজনিত বিভিন্ন দুৰ্ঘটনাত এতিয়ালৈকে ৭৮জন লোক আহত হৈছে। ৰাজ্যখনত অব্যাহত বৰষুণৰ ফলত বহু অঞ্চলত জলাবদ্ধতা, যান-বাহন চলাচলত বিঘিনি আৰু জনজীৱন ব্যাহত হৈছে।
ডিজিটেল ডেস্ক, ৯ জুলাই