গৰু কেলেংকাৰিৰ তদন্তৰ বাবে তৃণমূল কংগ্ৰেছ নেতা অনুব্ৰত মণ্ডলৰ কন্যাক চিবিআইৰ জেৰা
বিশেষ বাৰ্তা, ১৬ ছেপ্টেম্বৰঃ শুকুৰবাৰে চিবিআইৰ এটা দলে গ্ৰেপ্তাৰ কৰা টিএমচি নেতা অনুব্ৰত মণ্ডলৰ বোলপুৰ বাসগৃহত উপস্থিত হৈ গৰু চোৰাং সৰবৰাহ কৰা অভিযোগৰ তদন্তৰ সন্দৰ্ভত তেওঁৰ কন্যাক সোধা-পোছা কৰে। সূত্ৰই জনোৱা মতে, এগৰাকী মহিলা বিষয়াকে ধৰি কেন্দ্ৰীয় তদন্ত ব্যুৰোৰ তিনিজনীয়া এটা দলে সুকন্যা মণ্ডলক সোধা-পোছা কৰে। টি এম চি বীৰভূম জিলা সভাপতিৰ নিচুপট্টী বাসগৃহত এঘণ্টাৰ অলপ বেছি সময় থকাৰ পিছত চি বি আইৰ দলটো তদন্তৰ সৈতে জড়িত হৈ ওচৰৰ ডাকঘৰলৈ যায়। সুকন্যা মণ্ডল পিতৃৰ সৈতে জড়িত ধান মিলৰ শ্বেয়াৰহোল্ডাৰ বুলি অভিযোগ উঠিছে। চিবিআইয়ে চাউল মিলটো পৰিদৰ্শন কৰি কেইখনমান বাহন জব্দ কৰিছিল, যিবোৰ আনৰ মালিকানাধীন আছিল যদিও টিএমচি নেতাজনে ব্যৱহাৰ কৰিছিল বুলি অভিযোগ উঠিছিল। গৰু চোৰাং সৰবৰাহ কৰা বুলি অভিযোগ উত্থাপন কৰা গোচৰৰ তদন্তৰ সন্দৰ্ভত যোৱা ১১ আগষ্টত চিবিআইয়ে গ্ৰেপ্তাৰ কৰিছিল অনুব্ৰত মণ্ডালক। বৰ্তমান চিবিআইৰ জিম্মাত আছে।