ড০ মোহন যাদৱ মধ্যপ্ৰদেশৰ নতুন মুখ্যমন্ত্ৰী
বিশেষ বাৰ্তা, ১১ ডিচেম্বৰঃ মধ্যপ্ৰদেশত মুখ্যমন্ত্ৰীৰ নাম ঘোষণাৰ বাবে চলি থকা অপেক্ষাৰ অন্ত পৰিল। বিজেপিৰ বিধায়িনী দলৰ বৈঠকত মোহন যাদৱৰ নাম নতুন মুখ্যমন্ত্ৰী হিচাপে অনুমোদন। ৩ ডিচেম্বৰত মধ্যপ্ৰদেশত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হয়, আৰু আঠ দিনৰ পিছত দলৰ হাইকমাণ্ডে তেওঁৰ নাম চূড়ান্ত কৰে। উজ্জয়ন দক্ষিণৰ পৰা তৃতীয়বাৰৰ বাবে বিধায়ক নিৰ্বাচিত হৈছে মোহন যাদৱ। ২০২০ চনৰ জুলাইৰ পৰা ২০২৩ চনলৈ শিক্ষামন্ত্ৰী হিচাপে থকা যাদৱ ২০১৩ চনৰ পৰা অবিৰতভাৱে বিধায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। ইয়াৰ বাহিৰেও নৰেন্দ্ৰ সিং টোমৰক মধ্যপ্ৰদেশ বিধানসভাৰ নতুন অধ্যক্ষ হিচাপে মনোনীত হৈছে।
#বাৰ্তা ডেস্ক