ছিংগাপুৰৰ নম্বৰপ্লেটেৰে দিল্লীত ভুৱা গাড়ীৰ পয়োভৰ
বিশেষ বাৰ্তা, ২৪ নৱেম্বৰঃ ভাৰতস্থিত ছিংগাপুৰ উচ্চায়ুক্তই আজি ভুৱা গাড়ীৰ নম্বৰ সন্দৰ্ভত এক সতৰ্কবাণী জাৰি কৰে। আয়োগে ৬৩খন চিডি প্লেটক নকল বুলি অভিহিত কৰি কয় যে এইখন আমাৰ গাড়ী নহয়। ছিংগাপুৰৰ উচ্চায়ুক্ত ছাইমন ৱঙে ছ’চিয়েল মিডিয়াত লিখিছে- “সতৰ্ক! ৬৩ নম্বৰৰ চিডি থকা এই গাড়ীখন ভুৱা। এইখন ছিংগাপুৰৰ দূতাবাসৰ গাড়ী নহয়। এই সন্দৰ্ভত আমি বৈদেশিক মন্ত্ৰালয় আৰু আৰক্ষীক সতৰ্ক কৰি দিছো। যেতিয়াই এই গাড়ীখন দেখা পাব তেতিয়াই সজাগ হৈ থাকক। বিশেষকৈ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ ওচৰত গাড়ী দেখা পালে সাৱধান হওক। হিন্দুস্তান টাইমছৰ তথ্য অনুসৰি কূটনৈতিক কামত নীলা নম্বৰ প্লেট ব্যৱহাৰ কৰা হয়। চিডি নম্বৰৰ পিছত দুটা অংকৰ ক’ড আৰু ৰেজিষ্ট্ৰেচন নম্বৰ লিখা হয়। চিডি নম্বৰ দূতাবাস আৰু কনছুলেট আৰু বিদেশী কূটনীতিবিদৰ বাহনৰ বাবে সংৰক্ষিত।
#বাৰ্তা ডেস্ক