সন্ত্রাসবাদীৰ পৰিয়ালৰ সদস্যই নাপাব চৰকাৰী চাকৰি : অমিত শ্বাহ
নিয়মীয়া বাৰ্তা ডিজিটেল, ২৮ মে’ : জম্মু–কাশ্মীৰত সন্ত্রাসবাদীক নিয়ন্ত্রণ কৰিবলৈ এইবাৰ কঠোৰ নীতি গ্রহণ কৰিছে কেন্দ্রীয় চৰকাৰে৷ এতিয়াৰে পৰা সন্ত্রাসবাদীৰ পৰিয়ালৰ কোনো সদস্যই জম্মু–কাশ্মীৰত নাপাব চৰকাৰী চাকৰি৷ একেই নিয়ম বলৱৎ হ’ব শিলগুটি নিক্ষেপ কৰা ঘটনাত জড়িত অভিযুক্তৰ ক্ষেত্রতো৷ শেহতীয়াকৈ এক সাক্ষাৎকাৰত এই কঠোৰ বার্তা দিলে কেন্দ্রীয় গৃহমন্ত্রী শ্বাহে৷ কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে দাবী কৰে যে কাশ্মীৰ উপত্যকাত একমাত্র সন্ত্রাসবাদীবোৰক নিঃশেষ কৰাই নহয়, সমগ্র উপত্যকাৰ পৰা সন্ত্রাসৰ পৰিৱেশ সলনি কৰাৰ সিদ্ধান্ত লৈছে মোদী চৰকাৰে৷ পিটিআইৰ সৈতে হোৱা সাক্ষাৎকাৰত অমিত শ্বাহে উল্লেখ কৰে যে কাশ্মীৰত যদি কোনো লোক সন্ত্রাসবাদী সংগঠনৰ সৈতে জড়িত থাকে, তেন্তে তেওঁৰ পৰিয়ালৰ সদস্যসকল চৰকাৰী চাকৰিৰ পৰা বঞ্চিত হ’ব৷ নাইবা কোনো ব্যক্তি যদি নিৰাপত্তা বাহিনীক শিলগুটি নিক্ষেপ কৰা ঘটনাত জড়িত থাকে, তেন্তে তেওঁৰ পৰিয়ালৰ সদস্যয়ো নাপাব চৰকাৰী চাকৰি৷ প্রসংগক্রমে শ্বাহে উল্লেখ কৰে যে এই বিষয়টোক লৈ কেইবাটাও মানৱ অধিকাৰ সংগঠন উচ্চতম ন্যায়ালয়লৈ গৈছিল৷ কিন্তু শেষত চৰকাৰ এই ক্ষেত্রত জয়ী হৈছে৷ স্মর্তব্য যে জম্মু–কাশ্মীৰত সন্ত্রাসবাদ দমন কৰাৰ বাবে মোদী চৰকাৰে বিশেষ ব্যৱস্থা হাতত লৈছে৷ পূর্বে সন্ত্রাসবাদীৰ মৃত্যুত উপত্যকাত সমদল উলিওৱা হৈছিল৷ কিন্তু মোদী চৰকাৰৰ আমোলত কাশ্মীৰত সেই পৰিৱেশ সলনি হোৱা বুলি উল্লেখ কৰে শ্বাহে৷