নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিহাৰ জেলৰ পৰা মুক্তিলাভ দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’ডিয়াৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ৯ আগষ্টঃ দিল্লী আবকাৰী নীতিৰ গোচৰত তিহাৰ জেলৰ পৰা মুক্তি পালে আম আদমি পাৰ্টীৰ নেতা তথা দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’ডিয়াই। আজি আবকাৰী নীতিৰ কেলেংকাৰিৰ সৈতে জড়িত দুৰ্নীতি আৰু ধন সৰবৰাহৰ গোচৰত ছিছ’ডিয়াক জামিন প্ৰদান কৰে উচ্চতম ন্যায়ালয়ে। জেলৰ পৰা পোনে পোনে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ঘৰলৈ গৈ পৰিয়ালক লগ কৰিব। দিল্লী আদালতত আপ নেতা মনীষ ছিছ’ডিয়াৰ অধিবক্তাই জাউৰিটি বণ্ড পূৰণ কৰি তাৰ পিছত তেওঁৰ মুক্তি সম্পূর্ণ হয়৷ যোৱা ১৭ মাহ ধৰি তেওঁ তিহাৰ জেলত কাৰাবন্দী হৈ আছিল। উচ্চতম ন্যায়ালয়ত ন্যায়াধীশ বি আৰ গাভাই আৰু ন্যায়াধীশ কে ভি বিশ্বনাথনৰ বিচাৰপীঠে কয় যে ছিছ’ডিয়াক জিম্মাত ৰখাৰ ১৭ মাহ হ’ল আৰু গোচৰৰ শুনানি এতিয়াও আৰম্ভ হোৱা নাই, যাৰ বাবে তেওঁ ক্ষিপ্ৰ বিচাৰৰ অধিকাৰৰ পৰা বঞ্চিত হৈছে। এই গোচৰসমূহত মনীষ ছিছ’ডিয়াক জামিনৰ বাবে নিম্ন আদালতলৈ পঠোৱাটো সঠিক নহ’ব বুলিও বিচাৰপীঠে কয়। উচ্চতম ন্যায়ালয়ে কয় যে নিম্ন ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ে জামিন যে নিয়ম আৰু জেল ব্যতিক্ৰম সেই কথা বুজিব লাগে। বিচাৰপীঠে ছিছ’ডিয়াক ১০ লাখ টকাৰ ব্যক্তিগত বণ্ড আৰু একে ধনৰ দুজন জামিনত মুকলি কৰি দিবলৈ নিৰ্দেশ দিয়ে। উল্লেখ্য যে ২০২৩ চনৰ ২৬ ফেব্ৰুৱাৰীত চিবিআইয়ে গ্ৰেপ্তাৰ কৰিছিল দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী ছিছ’ডিয়াক। দিল্লী আবকাৰী নীতি ২০২১-২২ প্ৰণয়ন আৰু কাৰ্যকৰীকৰণত অনিয়মৰ অভিযোগ উত্থাপন হৈছে। পিছত এই নীতি বাতিল কৰা হ’ল। একে সময়তে ইডিয়ে ২০২৩ চনৰ ৯ মাৰ্চত ধন সৰবৰাহৰ গোচৰত গ্ৰেপ্তাৰ কৰিছিল। ধন সৰবৰাহৰ এই গোচৰটো চিবিআইৰ এফআইআৰৰ সৈতে জড়িত আছিল। ২০২৩ চনৰ ২৮ ফেব্ৰুৱাৰীত দিল্লী কেবিনেটৰ পৰা পদত্যাগ কৰিছিল মনীষ ছিছ’ডিয়াই। শিক্ষা মন্ত্ৰালয়ৰ দায়িত্বও তেওঁৰ আছিল। জামিনৰ বাবে অনুৰোধ কৰাৰ সময়ত ছিছ’ডিয়াই কৈছিল যে তেওঁ ১৭ মাহ ধৰি জিম্মাত আছে আৰু তেওঁৰ বিৰুদ্ধে এতিয়াও গোচৰ আৰম্ভ হোৱা নাই। আনহাতে ইডি আৰু চিবিআইয়ে তেওঁৰ জামিন আবেদনৰ বিৰোধিতা কৰিছিল। আনহাতে আম আদমী পাৰ্টীয়ে উচ্চতম ন্যায়ালয়ে মনীষ ছিছ’ডিয়াক জামিন প্ৰদানৰ সিদ্ধান্তক ‘সত্যৰ বিজয়’ বুলি অভিহিত কৰিছে। ইয়াৰ সমান্তৰালকৈ কাৰাগাৰত থকা আপৰ আন নেতাসকলেও ন্যায় লাভ কৰিব বুলি আশা প্রকাশ কৰে দলটোৱে৷

You might also like