হেমন্ত ছোৰেনৰ বিধায়িকা ভনীয়েক সীতাৰ দল ত্যাগ
নিয়মীয়া বাৰ্তা ডিজিটেল, ১৯ মাৰ্চঃ ঝাৰখণ্ডত বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হয় ঝাৰখণ্ড মুক্তি মৰ্চা। জেএমএমৰ পৰা পদত্যাগ কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনৰ ভনীয়েক তথা দলীয় বিধায়িকা সীতা ছোৰেনে। মুখ্যমন্ত্ৰী পদৰ পৰা হেমন্ত ছোৰেনে পদত্যাগ কৰি চম্পাই ছোৰেনৰ নেতৃত্বত ঝাৰখণ্ডত নতুন চৰকাৰ গঠন কৰাৰ পিছৰে পৰা সীতা ছোৰেনে ক্ষুব্ধ হৈ পৰা বুলি জানিব পৰা গৈছে। সীতা ছোৰেন জামা সমষ্টিৰ বিধায়িকা। ২ ফেব্ৰুৱাৰীত চম্পাই ছোৰেনে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। এই সময়ছোৱাত সীতা ছোৰেনক মন্ত্ৰী বনাব পৰা যাব বুলি চৰ্চা চলিছিল। কেৱল এয়াই নহয়, সীতা ছোৰেনক মহিলা আয়োগ বা আন যিকোনো আয়োগৰ অধ্যক্ষ কৰি মন্ত্ৰীৰ মৰ্যাদা দিব পৰা যায় বুলিও আলোচনা কৰা হয়। কিন্তু এনে নহ’ল। বৰ্তমান সময়ত সীতা ছোৰেনে তেওঁৰ পৰৱৰ্তী পদক্ষেপ কি হ’ব সেই বিষয়ে একো কোৱা নাই। ইফালে সংবাদ মাধ্যমৰ খবৰ অনুসৰি শীঘ্ৰে বিজেপিত যোগদান কৰিব পাৰে বুলি কোৱা হৈছে। সীতা ছোৰেনৰ আন এক পৰিচয় হ’ল তেওঁ জেএমএমৰ মুৰব্বী শিবু ছোৰেনৰ বোৱাৰী। ইয়াৰ বাহিৰেও তেওঁ প্ৰয়াত দুৰ্গা ছোৰেনৰ পত্নী। ২০০৯ চনত ঝাৰখণ্ডৰ জামা সমষ্টিৰ পৰা বিধায়িকা নিৰ্বাচিত হয়। নিৰ্বাচনত জয়লাভ কৰাৰ পিছত তেওঁক ঝাৰখণ্ড মুক্তি মৰ্চাৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক হিচাপে নিযুক্তি দিয়া হয়। ২০১৪ চনতো সীতা ছোৰেনে জামা অঞ্চলৰ পৰা ঝাৰখণ্ড বিধানসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি জয়ী হৈছিল। ইয়াৰ পিছত পুনৰ ২০১৯ চনত তেওঁ জামা আসনৰ পৰা তৃতীয়বাৰৰ বাবে বিধায়ক নিৰ্বাচনত জয়লাভ কৰে। সীতা ছোৰেনে ২০১২ চনৰ ৰাজ্যসভা নিৰ্বাচনত ভোটদানৰ বাবে ধন লোৱাৰ অভিযোগো উত্থাপন কৰি ৭ মাহ কাৰাগাৰত আছিল।