নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৰুণাচলৰ কামেঙত হিমস্খলনত সন্ধানহীন ৭ সেনা জোৱান

নিয়মীয়া বাৰ্তা, ৭ ফেব্রুৱাৰীঃ হিমস্খলনৰ ফলত সেনা জোৱান সন্ধানহীন হোৱাৰ এক ঘটনা সংঘটিত হৈছে অৰুণাচল প্ৰদেশত। ঘন তুষাৰপাতে বিপর্যয় কঢ়িয়াই অনা অৰুণাচলৰ দুর্গম অঞ্চলত কর্তব্যৰত সেনা জোৱান ৭জন সন্ধানহীন হৈছে। শেহতীয়াকৈ ৰাজ্যখনৰ কামৌ ছেক্টৰত হিমস্খলনৰ ফলত সন্ধানহীন হৈ আছে ৭জন জোৱান৷ কালি সংঘটিত হয় এই হিমস্খলনৰ ঘটনা৷ বাতৰি যুগুতোৱা পৰলৈ সন্ধানহীন জোৱানকেইজনক উদ্ধাৰ কৰিবলৈ অভিযান চলাই থকা হৈছে যদিও সফল হ’ব পৰা নাই অভিযানকাৰী সেনা৷

তেজপুৰস্থিত সেনা ছাউনীৰ এগৰাকী বিষয়ববীয়াই আজি সংবাদ মাধ্যমক জনোৱা অনুসৰি উদ্ধাৰ অভিযানত নিয়োজিত হৈছে সুদক্ষ বাহিনী৷ হেলিকপ্টাৰেৰে ঘটনাস্থলীত মোতায়েন কৰা হৈছে সুদক্ষ সেনা জোৱানক৷ স্মর্তব্য যে বিগত এসপ্তাহ ধৰি সমগ্র অঞ্চলটোত অভাৱনীয় তুষাৰপাত চলি আছে৷ ভূটান আৰু চীন সীমান্তৱর্তী কামেং ছেক্টৰৰ যি স্থানত হিমস্খলন ঘটিছে সমুদ্রপৃষ্ঠৰ পৰা তাৰ উচ্চতা হৈছে ১৪ হাজাৰ ফুট৷

You might also like