নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নির্বাপিত হোৱা নাই উত্তৰাখণ্ডৰ বনজুই

নিয়মীয়া বাৰ্তা, ৭ এপ্ৰিলঃ উত্তৰাখণ্ডৰ টেহৰি গাড়ৱালা জিলাৰ কটি কলনী বনাঞ্চলত বনজুই নির্বাপণ কৰিবলৈ সক্ষম হোৱা নাই৷ এই বনজুই নির্বাপণত অহৰহ চেষ্টা চলাই থকা অগ্নিনির্বাপক বাহিনীক ভাৰতীয় বায়ুসেনা বাহিনীয়ে সহযোগ কৰি আছে৷

উত্তৰাখণ্ড চৰকাৰৰ অনুৰোধমর্মে কেন্দ্রীয় চৰকাৰে বায়ুসেনা বাহিনীৰ হেলিকপ্টাৰ এই বনজুই নির্বাপণত ব্যৱহাৰ কৰিবলৈ অনুমতি জনাইছে৷ বনাঞ্চলৰ ৬২ হেক্টৰ ভূমি প্রথমে বনজুইৰ কৱলত পৰাৰ পাছত পিছলৈ এই বনজুই সম্প্রসাৰিত হয় আৰু ভয়াৱহ ৰূপ ধাৰণ কৰে৷ কালিৰে পৰা এই বনজুই নির্বাপণ কৰিবলৈ চেষ্টা চলাই থকা হৈছে যদিও এতিয়ালৈকে সম্পূর্ণকৈ সক্ষম হ’ব পৰা নাই৷

ৰাজ্যখনৰ প্রধান মুখ্য বন সংৰক্ষকে প্রকাশ কৰা মতে এই বনজুইৰ ফলত চাৰিগৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে ৭টা জন্তুও অগ্নিদগ্ধ হৈছে৷ জুইৰ ফলত এতিয়ালৈকে ৩৭ লাখ টকাৰ সম্পত্তি বিনষ্ট হৈছে৷ বনজুইক লৈ ইতিমধ্যে ৰাজ্যখনৰ মুখ্যমন্ত্রী তিৰথ সিং ৰাৱাটে জুৰুৰী বৈঠক অনুষ্ঠিত কৰি যথাশীঘ্রে বনজুই নিয়ন্ত্রণ কৰিবলৈ বিভাগীয় কর্তৃপক্ষসমূহক নির্দেশ দিছে৷

মন কৰিবলগীয়া যে যোৱা শুকুৰবাৰে আৰম্ভ হোৱা এই বনজুই নির্বাপণ কৰিবলৈ টেহৰি হূদৰ পৰা পানী সংগ্রহ কৰি আছে৷

You might also like