নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত ‘ই-কুঁ‌হিপাঠ’ৰ কাৰ্যালয়-অধ্যয়ন কক্ষ মুকলি

নিয়মীয়া বাৰ্তা, ১৬ মে’ : অসম চৰকাৰৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে নিৰ্ভৰযোগ্য প্ৰতিষ্ঠানৰূপে চাকৰিপ্ৰত্যাশীসকলৰ মাজত জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হোৱা ‘ই-কুঁ‌হিপাঠ’ৰ এক স্থায়ী কাৰ্যালয় তথা অধ্যয়নকক্ষ আজি মুকলি হয় গুৱাহাটীৰ জু-ৰোড তিনিআলিৰ সমীপৰ হৃদয় ৰঞ্জন পথত। ডেকৰা বিবাহ ভৱনৰ সমীপত অৱস্থিত এই শিক্ষা প্ৰতিষ্ঠানটোত এতিয়াৰে পৰা বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অফলাইন আৰু অনলাইন দুয়োবিধ মাধ্যমতে সেৱা উপলব্ধ হ’ব৷ লগতে শীত-তাপ নিয়ন্ত্ৰিত অধ্যয়ন কক্ষত সীমিত মূল্যৰ বিনিময়ত ইচ্ছুক ছাত্ৰ-ছাত্ৰীসকলে ইন্টাৰনেট, ব্যক্তিগত ল’কাৰ আদি সা- সুবিধা উপভোগ কৰিব পাৰিব। প্ৰতিষ্ঠানটো আজি আনুষ্ঠানিকভাৱে মুকলি কৰে বি বৰুৱা মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ড° দিগন্ত চৌধুৰীয়ে৷ প্ৰতিষ্ঠানটো মুকলি কৰি তেওঁ কয় যে অসমৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিৰ অনলাইন ক্ষেত্ৰখনত ই-কুঁহিপাঠ ইতিমধ্যেই এটা পৰিচিত নাম হৈ পৰিছে। আগন্তুক দিনত এই নৱনিৰ্মিত কাৰ্যালয়ক কেন্দ্ৰ কৰিয়ে অফলাইন মাধ্যমত ই-কুঁ‌হিপাঠ সফলতাৰে আগুৱাই যাব বুলি তেওঁ আশা ব্যক্ত কৰে। উল্লেখ্য যে ২০২০ বৰ্ষৰ এপ্ৰিল মাহত শুভাৰম্ভণি হোৱা ই-কুঁহিপাঠ প্লেটফৰ্মটোৱে বৰ্তমানলৈকে ইউটিউবত এক লাখ ত্ৰিশ হাজাৰোধিক অনুগামী লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে নিজা ৱেবছাইট আৰু এপৰ মাধ্যমেৰে উপলব্ধ ADRE, APSC CCE, TET, C TET, CDPO আদি বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ ক’ৰ্চসমূহত নামভৰ্তি কৰি সহস্ৰাধিক চাকৰিপ্ৰত্যাশীয়ে সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। বৰ্তমান অফলাইন আৰু অনলাইন উভয় মাধ্যমতে উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাৰ ছাত্ৰ-ছাত্ৰীৰ বাবে অতিৰিক্ত শ্ৰেণী আৰম্ভ কৰাৰ দিহা কৰিছে বুলি জানিবলৈ দিছে ই-কুঁ‌হিপাঠ কৰ্তৃপক্ষই। প্ৰতিষ্ঠানটোত বৰ্তমান ত্ৰিশগৰাকীৰো অধিক শিক্ষক-কৰ্মচাৰী নিযুক্ত হৈ আছে। অসমৰ চাকৰিপ্ৰত্যাশী যুৱক-যুৱতীক মনোগ্ৰাহী শিকন পদ্ধতিৰে নিৰ্ভৰযোগ্য তথ্য প্ৰদান কৰি সফলতাৰ শীৰ্ষত আৰোহণ কৰাত সহায় কৰা ই-কুঁ‌হিপাঠৰ এই পদক্ষেপত সন্তুষ্টি ব্যক্ত কৰিছে বিদ্বৎ মহলে।

You might also like