নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মনোমোহা তুষাৰপাতে যেতিয়া ব্যাহত কৰে জনজীৱন …

নিয়মীয়া বাৰ্তা, ৮ জানুৱাৰীঃ বৰফাবৃত হৈ পৰা চহৰ এখনেও কেতিয়াবা আপোনাৰ জীৱন যাত্ৰা ব্যাহত কৰিব বুলি ভাবে নেকি ! শীতৰ এই সময়ত এতিয়া উত্তৰ ভাৰতৰ বহুকেইখন ৰাজ্যত বৰফেৰে আৱৰি ধৰিছে সকলো । এক বিনন্দীয়া , মনোমোহা পৰিৱেশ এতিয়া তুষাৰপাত এই দৃশ্য স্বচক্ষে প্ৰত্যক্ষ কৰিছে বহুজনে ।

হিমাচল প্ৰদেশৰ প্ৰায়কেইখন জিলাতেই এতিয়া বৰফে আৱৰি ধৰিছে সকলো । তুষাৰপাতৰ এনে মনোমোহা দৃশ্যই পুলকিত কৰিলেও কিন্তু অত্যধিক তুষাৰপাতে এতিয়া ব্যাহত কৰিছে হিমাচল প্ৰদেশৰ জনজীৱন । তুষাৰপাতৰ ফলত ৫৮৮ টা পথৰ লগতে ২৪৩৬ টা বিদ্যুত যোগান কেন্দ্ৰও বন্ধ কৰি ৰখা হৈছে । অত্যধিক শীত আৰু তুষাৰপাতত বন্ধ হৈ আছে ৩৩ টা পানী যোগান প্ৰকল্প ।

উল্লেখ্য যে, প্ৰায় ৮ খন জিলাত ১ ৰ পৰা ৪ ফুট পৰ্যন্ত ডাঠ হৈ পৰা বৰফে এতিয়া যেন বিঘ্নিত কৰিছে হিমাচলৰ জীৱন ।

You might also like