নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢোল বাদনেৰে সমাদৃত সোণাৰিৰ প্ৰাচুৰ্য বৰগোহাঁই

অভিজিত ভূঞা

মাত্র তিনি বছৰ বয়সতে কান্ধত ঢ়োল বাদ্য লৈ যাত্রা আৰম্ভ কৰিছিল এটি কণমানি শিশুৱে৷ সৰুতে ঢ়োলৰ ওজা তুলসী ওজা, বিনোদ হাজৰিকা, বিহুৱা ৰঞ্জিত গগৈৰ সান্নিধ্য লাভ কৰি ঢ়োল বাদ্যৰ শিক্ষা লাভ কৰাৰ লগতে পৰৱর্তী সময়ত ব’হাগৰ বিহু মঞ্চত ঢ়োল বাদ্য পৰিৱেশন কৰি ৰাইজক মুহিব পৰা যুৱকজন এতিয়া অসমৰ অন্যতম জনপ্রিয় বিহু দল চৰাইদেউ বিহু হুঁচৰি দলৰ অন্যতম ঢুলীয়া৷ পৰিয়ালৰ কোনো এজন সদস্য সাংস্কৃতিক ক্ষেত্রখনৰ লগত জডিত নথকাৰ পাছতো কণমানি শিশুটিৰ আগ্রহক সন্মান জনায় দেউতাকে এটি ঢ়োল আনি দিয়াৰ পাছত নিজৰ একাগ্রতা তথা পাৰদর্শিতাৰ বাবেই আজি ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে৷ ঢ়োল বাদ্যৰ লগতে থলুৱা লোকবাদ্য পৰিৱেশন কৰাৰ উপৰি নৃত্য আৰু সংগীতৰ ক্ষেত্রখনতো বর্তমান নিজকে আগবঢ়াই নিয়া যুৱকজন হ’ল সোণাৰিৰ প্রাচুর্য বৰগোহঁাই৷ সোণাৰিৰ বৰাহী চাৰিআলিৰ বাসিন্দা তথা সমাজকর্মী বিপুল বৰগোহঁাই আৰু মেৰি গগৈ বৰগোহঁাইৰ পুত্র প্রাচুর্যই ইতিমধ্যে চৰাইদেউ কলাকেন্দ্র চেমনীয়া বিহু দলৰ এজন ঢুলীয়া হিচাপে বিহু পৰিৱেশন কৰি পাছলৈ চৰাইদেউ বিহু হুঁচৰি দলৰ ঢুলীয়া হিচাপে আৰু এককভাৱে বিভিন্ন মঞ্চত ঢ়োল বাদ্য পৰিৱেশন কৰি ৰাইজৰ সমাদৰ লাভ কৰাৰ উপৰি ৰাজ্যিক আৰু ৰাষ্ট্রীয় পর্যায়ৰ কেইবাটাও নৃত্য প্রতিযোগিতাত অংশগ্রহণ কৰি সন্মান বুটলিবলৈ সক্ষম হৈছে৷ মন কৰিবলগীয়া যে ২০১৮বর্ষত মেট্রিক পাছ কৰি দিল্লী অভিমুখে শিক্ষা গ্রহণ কৰিবলৈ ৰাওনা হওঁতেও কান্ধত মৰমৰ ঢ়োলটোৰ লগতে পেঁপাটিও লৈ যোৱা প্রাচুর্যই দিল্লীত উপস্থিত হৈয়ে দিল্লীস্থিত অসমীয়া ৰাইজৰ আশিস বুটলিবলৈ সক্ষম হয়৷ দিল্লীৰ টালকাতৌৰা ষ্টেডিয়ামত অনুষ্ঠিত হোৱা নেষ্ট ফেষ্টিভেলত বিহু পৰিৱেশন কৰাৰ লগতে দিল্লী বিশ্ববিদ্যালয়, নেচনেল স্কুল অৱ ড্রামাৰ উপৰি হাৰিয়ানা, জয়পুৰৰ জৱাহৰ কলাকেন্দ্র আদিত ঢ়োল বাদ্য পৰিৱেশন কৰি ৰাষ্ট্রীয় প্রেক্ষাপটত অসমক জিলিকাই তুলিবলৈ সক্ষম হৈছে৷ পৰৱর্তী সময়ত দিল্লীৰ টেগৰ ইণ্টাৰনেচনেল স্কুলৰ বৈভৱ সিং আৰু জয়িতা ঘোষ মিত্রৰ লগতে দিল্লী পুলিচ পাব্লিক স্কুলৰ নৱমল্লিকা ভাগৱতীৰ সান্নিধ্যত সংগীতৰ চর্চা অব্যাহত ৰখা প্রাচুর্য বর্তমান এটি গীতৰ কামত ব্যস্ত আছে৷ প্রায় দুবছৰীয়া এক পৰিকল্পনাৰ অন্তত মুক্তি পাবলগীয়া ‘স্পন্দন’ শীর্ষক গীতটোৰ শ্বুটিং ইতিমধ্যে গোৱাত সম্পন্ন কৰি তুলিছে৷ গীতটোৰ টিজাৰ ইতিমধ্যে ছ’চিয়েল মিডিয়াত প্রচাৰ হোৱাৰ পাছতে দর্শকে বিপুলভাৱে আদৰি লোৱাও পৰিলক্ষিত হৈছে৷ বাদ্যৰ লগতে নৃত্য আৰু সংগীতৰ ক্ষেত্রখনত নিজস্ব প্রতিভাৰে এইগৰাকী উদীয়মান শিল্পী আগবাঢ়ি যাওক আমি তাৰেই কামনা কৰিছোঁ৷

You might also like