নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রাণ পাই উঠিছে নলবাৰী নাট্য মন্দিৰ

  • শ্বাহ আলম আহমেদ, পূব নলবাৰী

নাট্য মন্দিৰ, নলবাৰী ৷ জিলাখনৰ সাংস্কৃতিক প্রাণকেন্দ্র ৷ নলবাৰীবাসীৰ হিয়াৰ আৰু মৰমৰ অনুষ্ঠান নাট্য মন্দিৰ৷ সম্প্রতি অধিক সজীৱ হৈ পৰিছে এই অনুষ্ঠানটো৷ আটকধুনীয়া হৈ উঠিছে নাট্য মন্দিৰ৷ প্রতিদিনে নলবাৰীৰ ৰাইজে নতুন নতুন সামাজিক, সাংস্কৃতিক, সাহিত্য তথা অন্যান্য কার্যসূচীসমূহৰে জীপাল কৰি ৰাখিছে নলবাৰী চহৰখনৰ বুকুৰ মাজত থকা নাট্য মন্দিৰটো৷ ১৯২৬ চনত জিলাখনৰ কেইগৰাকীমান বৰেণ্য ব্যক্তিৰ আশাসুধীয়া প্রচেষ্টাত চহৰখনৰ বুকুত জন্ম পাইছিল এই মৰমৰ অনুষ্ঠানটো ৷ বহু লক্ষ্য–উদ্দেশ্য আৰু সপোন লৈ জন্ম দিয়া অনুষ্ঠানটোক প্রতিপালন কৰিবলৈ অৱহেলা কৰা নাছিল সেইসকল মহান স্বর্গগামী ব্যক্তিয়ে৷ সেইসকল প্রয়াত ব্যক্তিৰ ভিতৰত ইন্দ্রেশ্বৰ বৰঠাকুৰ, মধুৰাম দাস, ৰবিৰাম দাস আদিৰ নাম ল’বই লাগিব৷ তাৰ পিছতে নাট্য মন্দিৰৰ নাম শুনিলেই প্রয়াত বৰেণ্য ব্যক্তি প্রভাত গোস্বামী, ঈশ্বৰ বৰুৱা, বিভূপতি দত্ত, নৰেন দত্ত, লোহিত দাস, হৰেশ্বৰ বর্মন, পীৰবক্স আলী, আতোৱাৰ ৰহমান, আজীম আলী, ভবেন বৰুৱা আদি ব্যক্তিসকলৰ অৱদানৰ কথা পাহৰিব নোৱাৰি ৷

পিছলৈ নাট্য মন্দিৰটোক সজীৱ কৰি ৰখাৰ ক্ষেত্রত পবিন শর্মা, ৰমণী বর্মন, ত্রিকেন দাস, ৰবীন পাটগিৰি আদিকে ধৰি ভালেমান ব্যক্তিয়ে আগভাগ লৈ আহিছে ৷ বিভিন্ন সাংস্কৃতিক কার্যসূচী অনুষ্ঠিত কৰাৰ উপৰি সাহিত্য আৰু ছাত্র–ছাত্রীসকলৰ প্রতিযোগিতা ইয়াত অনুষ্ঠিত কৰি আহিছে৷ বিশেষকৈ নলবাৰী নাট্য মন্দিৰৰ মঞ্চৰ পৰা জিলাখনত বহু অভিনেতা–ভিনেত্রী আৰু শিল্পীৰ জন্ম হৈছে৷ নাট্য মন্দিৰত মঞ্চস্থ হোৱা অপেছাদাৰী নাটসমূহৰ লগতে বিভিন্ন নাট প্রতিযোগিতাৰে অসমৰ সাংস্কৃতিক জগতখনত এখন সুকীয়া আসন দখল কৰিবলৈ সক্ষম হৈছে৷ জিলাখনৰ ৰাইজে এখন পৰিচালনা সমিতি গঠন কৰি দিছিল আৰু সমিতিয়ে নাট্য মন্দিৰৰ সকলো কার্যসূচী সুন্দৰভাৱে পৰিচালনা কৰি আহিছিল ৷ কিছুবছৰ পিছত নাট্য মন্দিৰত কথাছবি প্রদর্শন কৰিবলৈ দিয়া হৈছিল৷ লাহে লাহে নাট্য মন্দিৰৰ গৃহটো বেয়াৰ পিনে গতি কৰে ৷ পুৰণা গৃহটো ভাগি–ছিগি যোৱাত নতুন গৃহ নির্মাণৰ বাবে আগবাঢ়ি আহে পূর্বৰ অগপ চৰকাৰৰ দিনৰ প্রয়াত মন্ত্রী নগেন শর্মাই ৷ তেওঁ নতুন গৃহটো নির্মাণৰ দায়িত্ব হাতত লয় যদিও বহুদিন ধৰি ইয়াৰ কাম আধৰুৱা হৈ থাকে ৷

বহুদিনৰ মূৰত কংগ্রেছ চৰকাৰৰ দিনত তেতিয়াৰ বিধায়ক মদন কলিতাই ইয়াৰ কাম সম্পূর্ণ কৰিবলৈ আগবাঢ়ি আহে৷ তাৰ পিছতো আধৰুৱা হৈ থকাত জিলা প্রশাসনৰ পৰাও নাট্য মন্দিৰক পূর্ণ ৰূপ দিবলৈ প্রচেষ্টা হাতত লয় আৰু ইয়াক পৰিচালনা কৰাৰ ক্ষেত্রটো জিলা প্রশাসনে দায়িত্ব লয়৷ সময় বাগৰি যোৱাৰ লগে লগে নাট্য মন্দিৰৰ অৱস্থা আৰু বেয়া হ’বলৈ ধৰে৷ ভাগি–ছিগি যোৱাৰ উপক্রম হয়৷ তাৰ পিছতে বর্তমানৰ বিজেপি চৰকাৰখনৰ দিনত বিধায়ক অশোক শর্মাই নাট্য মন্দিৰক উন্নত কৰিবলৈ আগবাঢ়ি আহে৷ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ সহযোগিতাত বিধায়ক শর্মাই নাট মন্দিৰক আধুনিক ৰূপ দিয়াই নহয় আটকধুনীয়াকৈ সজাই তুলি ইয়াৰ গৌৰৱ ঘূৰাই আনিবলৈ চেষ্টা চলাইছে৷ বর্তমান জিলা প্রশাসনৰ সহযোগত এখন সমিতিয়ে পৰিচালনা কৰি আছে ৰাইজৰ মৰমৰ অনুষ্ঠানটোক৷ নাট্য মন্দিৰ ভিতৰচ’ৰাত সকলো প্রকাৰৰ সুবিধা হৈ উঠাত প্রতিদিনে নতুন নতুন কার্যসূচীৰ ৰূপায়ণ হৈ আছে৷ দীর্ঘদিন ধৰি অসম ভিত্তিত পি এন চি একাংকিকা নাট প্রতিযোগিতা, ভবেন বৰুৱা শিশু নাট প্রতিযোগিতা অনুষ্ঠিত হৈ অহা এই নাট্য মন্দিৰত এতিয়া নাট মহোৎসৱ, বিভিন্ন প্রতিযোগিতা আদি অনুষ্ঠিত কৰি পূর্বৰ গৰিমা ঘূৰাই আনিবলৈ সক্ষম হৈছে ৷

You might also like