বৰপেটা জিলাৰ দক্ষিণাঞ্চল তথা ৪৫নংবাঘবৰ বিধানসভা সমষ্টিৰ অন্তর্গত মন্দিয়াত কর্মসংস্থাপনৰ আন আশা ত্যাগ কৰি শিক্ষিত নিবনুৱাই কৃষিকার্যত আত্মনিয়োগৰ জৰিয়তে কৃষিখণ্ডত এক বিপ্লৱৰ সূচনা কৰিছে৷ বৰপেটা জিলা কৃষি বিষয়াৰ কার্যালয়ৰ অধীনস্থ বৃহত্তৰ বাঘবৰ ৰাজহ চক্র অঞ্চলৰ আলু খেতিৰ কৃষকে সেউজ বিপ্লৱৰ সৃষ্টি কৰিলে৷ উল্লেখ্য যে দ মাটিৰ অঞ্চল বুলি জনাজাত এই বৃহত্তৰ অঞ্চলত বিগত বছৰবোৰৰ দৰে এইবেলিও আলু খেতি কৰিছে৷ পিছে নিজাববীয়াকৈ খেতি কৰা এই কৃষকসকলে কৃষি বিষয়া–কর্মচাৰীৰ পৰামর্শৰ অভাৱ অনুভৱ কৰে৷ কৃষি বিভাগৰ পৰা কোনো ধৰণৰ সহায় নাপাই দৰিদ্র কৃষক সমাজে আনৰ মাটি ভাৰাত লৈ আলু খেতি কৰিছে৷ এই অনুসাৰে বছৰটোত এবাৰ আলু খেতিৰ বাবে মাটি ঠিকাত লয়৷ আৰু ইয়াৰ বিনিময়ত মাটিৰ পট্টাদাৰে এক নির্দিষ্ট পৰিমাণৰ ধন আদায় দিয়ে৷ বৃহত্তৰ মন্দিয়া পথাৰ অঞ্চলৰ শিক্ষিত নিবনুৱা আব্দুছ ছামাদ, মকবুল হুছেইন, হজৰত আলী আৰু খেতিয়ক লীলচান আলী, কাদেৰ আলী, জয়নাল আলী, প্রাণতোষ পাল, হাৰাধন পাল আদি খেতিয়কে খেতি কৰি লাভৰ মুখ দেখিছে৷ কৃষি বিভাগৰ বিষয়া–কর্মচাৰীয়ে কোনো দিনেই দিহা–পৰামর্শ দিবলৈ নোযোৱা বুলি কৃষক সমাজে তীব্র ক্ষোভ প্রকাশ কৰে৷ উল্লেখ্য যে ভৈৰাৰ পাম, মৌৰীপাম, মৌৰীগাঁও, সত্রকনৰা, মিলিজুলি, পাথলিকুছি, মেধিৰটাৰী, শিতোলী আদি কৰি ৰাজহ গাঁওবোৰত আলু খেতিৰ শস্য লহপহকৈ বাঢ়ি অহা কৃষকৰ মুখত হঁাহি বিৰিঙাইছে৷ কৃষকৰ এই লাভজনক খেতিৰ ধাৰাবাহিকতা অব্যাহত ৰাখিবলৈ কৃষক সমাজক সুলভ মূল্যত বীজ–কীটনাশক দ্রব্য যোগান ধৰাৰ দাবী জনাইছে৷ কিন্তু চৰকাৰৰ লগতে কৃষি বিভাগৰ এইক্ষেত্রত চূডান্ত ব্যর্থতাৰ অভিযোগ উঠিছে৷ আলুৰ খেতিয়কসকলৰ লগতে কোনো কৃষকেই বিয়াগোম কৃষি বিভাগৰ বিষয়া–কর্মচাৰীৰ পৰা কোনো দিহা–পৰামর্শ নাপায় বুলি অভিযোগ উত্থাপন কৰে৷ ইপিনে ৰাজ্যৰ পথাৰ পৰিচালনা সমিতি গঠন আৰু এইবোৰৰ বিপৰীতে চৰকাৰী সা–সুবিধা প্রদানৰ ক্ষেত্রতো ব্যাপক হাৰত দুর্নীতি–নিয়মৰ আশ্রয় লোৱাৰ অভিযোগ দীর্ঘদিনীয়া৷ জিলা সদৰ কার্যালয়ত বহি থাকি বিভাগীয় বিষয়া–কর্মচাৰীসক ক্ষেত্র পর্যায়ৰ কাম–কাজ সম্পাদন কৰে বুলি আন এক অভিযোগ উঠিছে৷ যাৰ ফলত প্রকৃত খেতিয়কৰ সলনি ভুৱা খেতিয়কে চৰকাৰৰ আঁচনিৰ সুফল লাভ কৰে বুলি প্রকৃত কৃষকসকলে দাবী কৰে৷
Prev Post
You might also like