নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাৰ-কীটনাশক প্ৰস্তুতেৰে দখল কৰিছে বজাৰ

ৰৌতাৰ শিক্ষিতা যুৱতী কুসুম ঢকালৰ ব্যতিক্ৰমী প্ৰয়াস

ৰাম উপাধ্যায়

 

  যিটো সময়ত এটা চৰকাৰী চাকৰিৰ বাবে হাজাৰ হাজাৰ নিৱনুৱা যুৱক–যুৱতীয়ে হাবাথুৰি খাই ফুৰিছে, সেই একেই সময়তে এগৰাকী শিক্ষিতা যুৱতীয়ে দেখুৱাইছে আদর্শ৷ ইউনিভার্ছিটী অৱ চাইঞ্চ এণ্ড টেকন’লজী, মেঘালয়ৰ পৰা প্রাণী বিজ্ঞান বিষয়ত স্নাতকোত্তৰ ডিগ্রী লাভ কৰা ওদালগুৰি জিলাৰ ৰৌতা তাৰাজুলি গাঁৱৰ দয়া কুসুম ঢ়কাল নামৰ যুৱতীগৰাকীয়ে উচ্চ শিক্ষা সমাপ্ত কৰাৰ পিছত কোনো চৰকাৰী চাকৰিলৈ বাট নাচাই নিজৰ ঘৰতে গঢ়ি তুলিছে জৈৱিক কীটনাশক, ভেঁকুৰ নাশক আৰু জৈৱিক সাৰৰ উদ্যোগ৷ গাঁৱৰ গো–পালকসকলৰ পৰা তিনি টকা প্রতি লিটাৰ দৰত গো মূত্র ক্রয় কৰি বিভিন্ন গছৰ পাত আৰু উদ্ভিত ব্যৱহাৰেৰে গো মূত্রৰ পৰা জৈৱিক সাৰ আৰু কীটনাশক প্রস্তুত কৰি যুৱতীগৰাকীয়ে দখল কৰিছে জৈৱিক সাৰৰ বজাৰ৷ থলুৱা পদ্ধতিৰে প্রস্তুত কৰা জৈৱিক সাৰ, কীটনাশক আৰু ভেঁকুৰ নাশকৰ চাহিদা এতিয়া বৃদ্ধি পাইছে কৃষকসকলৰ মাজত৷ কৃষি উৎপাদিত সামগ্রীত অত্যধিক মাত্রাত ৰাসায়নিক সাৰ আৰু কীটনাশক ব্যৱহাৰ কৰি মানুহৰ স্বাস্থ্যৰ প্রতি চৰম ভাবুকি নামি অহাৰ সময়তে শিক্ষিত যুৱতীগৰাকীয়ে প্রস্তুত কৰা জৈৱিক সাৰ ব্যৱহাৰে কৃষকসকল লাভান্মিত কৰাৰ লগতে মানুহৰ স্বাস্থ্যৰ বাবেও অতি উপযোগী হিচাপে বিবেচিত হৈছে৷ নিজৰ শিক্ষক পিতৃৰ সহযোগত নিজৰ ঘৰতেই সৰুকৈ আৰম্ভ কৰা জৈৱিক সাৰ আৰু কীটনাশকৰ চাহিদা কৃষকসকলৰ মাজত বৃদ্ধি হোৱাত এতিয়া ‘গ্রো গ্রীন অর্গেনিক’ নামেৰে এক সাৰ প্রস্তুতকাৰী কোম্পানী গঠন কৰি এই ব্যৱসায়টোকেই আৰু অধিক উন্নত আৰু টনকীয়াল কৰাৰ চিন্তা কৰিছে দয়া কুসুম ঢ়কালে৷ উল্লেখ্য যে ওদালগুৰি জিলাৰ ৰৌতা থানাৰ অন্তর্গত তাৰাজুলি গাঁৱৰ ভীষ্ম উপাধ্যায় আৰু ৰেণুকা দেৱীৰ জ্যেষ্ঠ কন্যা কুসুম ঢ়কালে ইউনিভার্ছিটী অৱ চাইঞ্চ এণ্ড টেকন’লজী, মেঘালয়ৰ পৰা প্রাণী বিজ্ঞান বিষয়ত স্নাতকোত্তৰ ডিগ্রী লাভ কৰি পিতৃ–মাতৃৰ সহযোগত নিজ ঘৰখনতেই প্রায় এবছৰ পূর্বে আৰম্ভ কৰিছিল গো মূত্রৰ পৰা জৈৱিক সাৰ আৰু কীটনাশক আৰু ভেঁকুৰ নাশকৰ কাৰাখানা৷ স্থানীয় গো–পালকসকলৰ গোহালিবোৰ উন্নত পদ্ধতিৰে নির্মাণ কৰাৰ লগতে গো মূত্রবোৰ যাতে নষ্ট নোহোৱাকে এক নির্দিষ্ট পাত্রত জমা কৰিব পৰা যায় তাৰ বাবে গো–পালকসকলক পৰামর্শ প্রদানৰ লগতে সেই গো মূত্র প্রতি লিটাৰত ৩ টকাকৈ ক্রয় কৰিছিল৷ ইয়াৰ দ্বাৰা স্থানীয় গো–পালকসকলো উপকৃত হোৱাৰ লগতে তেওঁৰ বাবে প্রয়োজনীয় গো মূত্র অতি সহজে লাভ কৰিবলৈ সক্ষম হয়৷ আৰম্ভণিত ডেৰ শ–দুশ লিটাৰ গো মূত্রৰ পৰা জৈৱিক সাৰ প্রস্তুত কৰা দয়া কুসুমে এতিয়া প্রতিদিনে চাৰি হাজাৰ লিটাৰ গো মূত্রৰ পৰা জৈৱিক সাৰ তথা কীটনাশক আৰু ভেঁকুৰ নাশক প্রস্তুত কৰি জৈৱিক সাৰৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে৷ উদ্যমী যুৱতীগৰাকীয়ে তেওঁৰ এই কাৰখানা নির্মাণৰ আঁৰত পিতৃ ভীষ্ম উপাধ্যায়ৰ সহযোগিতাৰ কথা উল্লেখ কৰাৰ লগতে পিতৃৰ এগৰাকী পাঞ্জাবৰ বন্ধুৱে দিয়া পৰামর্শৱলী অনুশৰণ কৰি জৈৱিক সাৰ আৰু কীটনাশক প্রস্তুত কৰি বিভিন্ন ঠাইত পৰীক্ষা–নিৰীক্ষাৰ অন্তত চূডান্ত ৰূপ দিয়া হৈছে৷ এই কীটনাশক শাক–পাচলিৰ পৰা আৰম্ভ কৰি ধান খেতি আৰু চাহ বাগিচাতো ব্যৱহাৰ কৰিব পৰা যায়৷ ইয়াৰ কোনো পার্শ্বক্রিয়া নাই আৰু অতি কম পৰিমাণৰ ঔষধ ব্যৱহাৰ কৰিয়েই কীট আৰু ভেঁকুৰ নাশ কৰি যিকোনো প্রকাৰৰ ফচল অধিক মাত্রাত উৎপন্ন কৰিব পাৰি৷ সমগ্র দেশতেই বেচিকৈ ফচল উৎপাদনৰ বাবে কৃষকে অত্যধিক মাত্রাত ৰাসায়নিক সাৰ আৰু কীটনাশক ব্যৱহাৰে জৈৱ–বৈচিত্র্যৰ লগতে মানুহৰ স্বাস্থ্যৰ প্রতিও নামি আহিছে৷ সেই সময়তে মানৱ স্বাস্থ্য তথা পাৰিপার্শ্বিকতাৰ প্রতি লক্ষ্য ৰাখি ৰৌতাৰ জয়া কুসুম ঢ়কালে আৰম্ভ কৰা জৈৱিক সাৰ কাৰখানা আৰু তাৰ পৰা উৎপাদিত সাৰ আৰু কীটনাশক–ভেঁকুৰ নাশকে সচেতন কৃষকসকলৰ মাজত ব্যাপক সঁহাৰি লাভ কৰা পৰিলক্ষিত হৈছে৷ অসমৰ বিভিন্ন জিলাৰ লগতে চুবুৰীয়া ৰাজ্যসমূহতো দয়া কুসুমৰ ‘গ্রো গ্রীন অর্গেনিক’ নামৰ কোম্পানীৰ দ্বাৰা উৎপাদিক জৈৱিক সাৰৰ চাহিদা যথেষ্ট বৃদ্ধি পাইছে৷

You might also like