নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুন্দৰৰ সেন্দূৰীয়া আলিৰ যাত্রী দেওপানীৰ পংকজ মহন্ত

  • পংকজ শইকীয়া, কলিয়াবৰ

সুন্দৰ সুঠাম ল’ৰাজনৰ ঘৰ কার্বি আংলঙৰ দেওপানীত৷ পেছাত বিজ্ঞান শিক্ষক, দেওপানী হাইস্কুলৰ৷ নাম পংকজ মহন্ত৷ কিন্তু শ্রেণীকোঠাৰ ৰসায়ন–পদার্থৰ মাজতে নিজক এৰি নিদি মঞ্চ–বোলছবি বা দৃশ্যশ্রব্য মাধ্যমৰ লাইটছ্–কেমেৰা–মেক– ৰসায়ন–পদার্থৰ সৈতে একাকাৰ হৈ পৰিছে৷ দেওপানীৰ পৰা গুৱাহাটীলৈ এই সুন্দৰৰ যাত্রা, কঠিন যদিও উপভোগ্য জীৱন৷ শিক্ষকতাৰ পেছা আৰু অভিনয়ৰ নিচাৰ মাজত নিয়ন্ত্রিত আৰু ভাৰসাম্য ৰক্ষা কৰি একব্যস্ততাপূর্ণ জীৱন–যাপন কৰা পংকজ মহন্ত মঞ্চ–বোলছবিবা দৃশ্যশ্রব্য মাধ্যমৰ ভূ–ৰখাসকলৰ বাবে এতিয়া এক চিনাকি নাম ৷ সু–সাহিত্যক অনুৰাধা শর্মা পূজাৰীৰ একমাত্র কবিতা ‘আগৰাতলিৰ মাত’ৰ আবৃতিৰ লগতে সুব্রত কাকতিৰ পৰিচালনাৰে দৃশ্যাংশ–সংগীতৰ জৰিয়তে কবিতা আবৃতিক এক বেলেগ পর্যায়লৈ লৈ যোৱা পংকজ মহন্তৰ দেওপানীৰ ঘৰখন সত্রীয়া সংস্কৃতিৰ চর্চাস্থলী ককা আৰু শিক্ষক দেউতাক–মাক এইক্ষেত্র পংকজৰ প্রথম পথ প্রদর্শক ৷

বর্তমানৰ গুৱাহাটীত কর্মৰত, জাগীৰোড মহাবিদ্যালয়ৰ নাট বিষয়ক প্রবক্তা গোলাঘাটৰ নাট্যকর্মী সঞ্জীৱ বুঢ়াগোঁহাইৰ উৎসাহত ডি আৰ মহাবিদ্যালয়ত পঢ়ি থকা কালতে মঞ্চ–নাটৰ পাতনি মেলা পংকজৰ অভিনীত নাটকৰ তালিকাখন বেছ বোজন ৷ কলেজীয়া জীৱনত ভালেমান নাটকত প্রশংসনীয় অভিনয়ৰে বিভিন্ন স্থানত সন্মানিত হৈছে ৷ ২০১০ চনত ধেমাজিত অনুষ্ঠিত হোৱা আন্তঃ মহাবিদ্যালয় যুৱ মহোৎসৱত হেমন্ত গগৈৰ পৰিচালনাৰে শ্রেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰি মঞ্চ জগতত নিজৰ বলিষ্ঠ উপস্থিতিৰ উমান দিয়ে ৷ তাৰ পিছত ২০১২ চনত গোলাঘাট এমেছাৰ থিয়েটাৰত সদৌ অসম নাট প্রতিযোগিতাত শ্রেষ্ঠ সহঃ অভিনেতা, ২০১৫ চনত যোৰহাটৰ ভাওনা প্রতিযোগিতাত শ্রেষ্ঠ সহঃ অভিনেতা, ২০১৬ চনৰ বোকাজানত সদৌ অসম কর্মচাৰী সন্থাৰ ব্যপস্থাপনাত অনুষ্ঠিত নাট প্রতিযোগিতাত ২য় শ্রেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰে ৷ বিশিষ্ট নাট পৰিচালক সীমান্ত ফুকনৰ তত্ত্বাৱধানত দেৰগাঁৱৰ নর্থ–ইষ্ট থিয়েটাৰ একাডমীৰ পৰা নাট বিষয়ত দুবছৰীয়া ডিপ্লমা লাভ কৰা পংকজে সীমান্ত ফুকনৰ পৰিচালনাত শেহতীয়াকৈ কেৰালাৰ পালাকাডত ‘টিম–ৱর্ক’ নাটকত অভিনয় কৰে ৷

গোলাঘাট এমেছাৰ থিয়েটাৰত নাট পৰিচালক প্রয়াত অজিত দত্তৰ পৰিচালনাত ‘কথা বংকুৱাল’ নাটৰ যোগেদি পূর্ণাংগ নাট অভিনয়ৰ পাতনি মেলা পংকজে আন ভালেমান জ্যেষ্ঠ নাট পৰিচালকৰ পৰিচালনাৰে বিভিন্ন নাটত অসমৰ বিভিন্ন স্থানত অভিনয়ৰ অভিজ্ঞতাৰে পৰিপুষ্ট ৷ মঞ্চৰ লগতে কেমেৰাৰ সন্মুখতো ইতিমধ্যে জনপ্রিয় হ’বলৈ ধৰা পংকজৰ অভীক–চুলতানৰ হিন্দী চুটি ছবি ‘চিক্সটীন ডে’জ’ৰ জৰিয়তে চিনেমা জগতলৈ প্রৱেশ ঘটে ৷ ইয়াৰ পিছত শেষ অধ্যায়, এগচি চাকি আদি চুটি ছবিত অভিনয় কৰি কেমেৰাৰ সন্মুখতো পাৰদর্শী অভিনয়ৰে সকলোৰে দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হোৱা পংকজে মাজখিনিতে অভিনয় কৰা এখন উল্লেখযোগ্য ছবি হ’ল ৰাষ্ট্রীয় বঁটাৰে সন্মানিত ছবি পৰিচালক অৰূপ মান্নাৰ ছবি ‘অনন্যা’, য’ত তেওঁৰ বিপৰীতে অভিনয় কৰিছে ‘আইদেউ’ৰ বাবে শ্রেষ্ঠ অভিনেত্রী বঁটাৰে সন্মানীত অভিনেত্রী চন্দনা শর্মা৷ এই বর্ষতে তেওঁৰ ছবিঘৰলৈ আহিবলগীয়া উল্লেখযোগ্য ছবি হ’ল ভাস্কৰ উপাধ্যায় প্রযোজিত প্রণৱ–বিবেকৰ ‘উল্কা’ আৰু আমেৰিকা নিৱাসী ৰূপম শর্মাৰ নতুন হলীউড ছবি ‘ৱান লিট্ল ফিংগাৰ’ পংকজৰ শেহতীয়া কবিতাৰ অডি’ সংকলন ‘তুমি ভাল পোৱাৰ ভূঁই ৰুইছা’ ইতিমধ্যে সকলোৱে আদৰি লৈছে আৰু এই সংকলনটিৰ ‘অনামিকা আৰন্ধৰাৰ ছল্ট এনালাইছিছ’ শীর্ষক তেওঁৰ কবিতাটি নতুন প্রজন্মৰ শ্রোতাৰ মাজত বিশেষ জনপ্রিয় হৈ পৰা দেখা গৈছে ৷

You might also like