নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হালধিআটীৰ কেম্পা নাৰ্ছাৰী

বন বিষয়া ছফিকুল ৰহমান-মহেশ নাথৰ প্ৰচেষ্টাত বহু মূল্যৱান গছপুলিৰে ঠন ধৰি উঠা বাগিচাখন

হোজাই জিলাৰ দক্ষিণ নগাঁও বন সংমণ্ডলৰ অধীনত ‘হালধিআটী’ কেম্পা নার্ছাৰীখনে অসমৰ ভিতৰতে বিশেষ স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷ কেইবা হেক্টৰ মাটি সামৰি স্থাপন কৰা হালধিআটী কেম্পা নার্ছাৰীখন স্থাপনৰ আঁৰৰ মানুহজন হ’ল পূর্বৰ ডি এফ অ’ ছফিকুৰ ৰহমান আৰু উপ খণ্ড বন বিষয়া মহেশ নাথ৷ তেওঁলোকৰ প্রচেষ্টাত ২০১৬ চনতে স্থাপন কৰা হৈছিল এই নার্ছাৰীখন৷ তাৰ এটাই উদ্দেশ্য আছিল অসমৰ বনাঞ্চলৰ পৰা বিলুপ্ত হ’ব ধৰা মূল্যৱান গছ সংৰক্ষণৰ বাবে প্রয়োজন হোৱা পুলিসমূহ উৎপাদন কৰি বনাঞ্চলত সঠিক সময়ত সঠিক স্থানত ৰোপণ কৰা৷ লগতে ৰাইজক বিনামূলীয়াভাৱে বিতৰণ কৰিব পৰা৷ তেওঁলোকৰ আৰু এটা উদ্দেশ্য আছিল, বন বিভাগে যাতে গছৰ পুলিৰ কাৰণে ব্যক্তিগত নার্ছাৰীৰ ওপৰত নির্ভৰ কৰিব লগা নহয়৷ বিভিন্ন মূল্যৱান গছৰ পুলিৰে পৰিপূর্ণ হৈ থকা নার্ছাৰীখন কেইবা মাহ পূর্বে ধ্বংসৰ মুখলৈ গতি কৰিব ধৰিছিল৷ কাৰণ বিষয়া দুজন আন ঠাইলৈ কর্মসূত্রে বদলি হৈ গেছিল৷ কিন্তু উপ খণ্ড বন বিষয়া মহেশ নাথক বিভাগটোৱে পুনৰ হালধিআটীলৈ বদলি কৰি অনাৰ বাবে ধ্বংসৰ মুখলৈ গতি কৰা নার্ছাৰীখন পুনৰ প্রাণ পাই উঠিব ধৰিছে৷ উপ খণ্ড বন বিষয়া মহেশ নাথ হালধিআটী উপ খণ্ড বন কার্যালয়ত যোগদান কৰিয়েইবন বিভাগৰ কর্মচাৰী আৰু অস্থায়ী দৈনিক কর্মীক লৈ নার্ছাৰীৰ চৌহদৰ ভিতৰত হাবি–জংঘলে আৱৰি ধৰা ঠাইসমূহ চাফ–চিকুণ কৰাৰ লগতে গছৰ পুলি উৎপাদনৰবাবে প্রয়োজন হোৱা জৈৱিক সাৰ ব্যৱহাৰ কৰি মাটি চহাই গছৰ বীজ ৰোপণৰ বাবে স্থানসমূহ প্রস্তুত কৰি তুলিছে৷ ইয়াৰ উপৰি মহেশ নাথ আৰু ৰেঞ্জাৰ নেত্রকমল শইকীয়াই নিজ প্রচেষ্টা আৰু বন বিভাগৰ সহযোগত নার্ছাৰীৰ চাৰিসীমাত পকা খুঁটা তৈয়াৰ কৰি তাঁৰৰ বেৰ দি পুলিসমূহ জীৱজন্তুৰ পৰা সংৰক্ষণ কৰি ৰাখিছে৷ বর্তমান নার্ছাৰীখনৰ কাম–কাজ চলাই নিয়াত বিভাগীয়ভাৱে মহেশ নাথক সহায় কৰি আছে বর্তমানৰ ডি এফ অ’ পুলক চৌধুৰী আৰু ডবকা আঞ্চলিক বন বিষয়া নেত্রকমল শইকীয়াই৷ আনহাতে নার্ছাৰীখনত বিভিন্ন জাতিৰ লক্ষাধিক গছৰ পুলি মজুত হৈ আছে৷ ইতিমধ্যে কেইবা লক্ষ পুলি ৰোপণৰ লগতে ৰাইজৰ মাজত বিতৰণো কৰা হৈছে৷ ইতিমধ্যে বনমন্ত্রী, বিধায়ক,বন বিষয়া আদিকে ধৰি বহু ব্যক্তিয়ে নার্ছাৰীখন পৰিদর্শন কৰি ভূয়সী প্রশংসা কৰিছে৷ তাৰ উপৰি নিম, ডালিম, দালচিনি, লং, সিং, বেল, জামুক, সোণাৰু, তেজ ৰঙা, আদি পুলিৰে পৰিপূর্ণ হৈ থকা নার্ছাৰীখনে সাধাৰণ ৰাইজৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছে৷ কিয়নো কার্বি আংলং, নাগালেণ্ড আৰু মণিপুৰ, হোজাই, নগাঁৱৰ পৰা অহা যাত্রীয়ে সময় সময়ে নার্ছাৰীখনত প্রৱেশ কৰি গছৰ পুলিসমূহ প্রত্যক্ষ কৰাৰ লগতে ফটো তুলি নিয়াও বহু সময়ত পৰিলক্ষিত হয়৷ গছৰ পুলি উৎপাদন আৰু ৰোপণ কৰি ভালপোৱা মহেশ নাথে চাকৰিৰ খাতিৰত য’তেই গৈছে তাতে সৰুকে হ’লেও গছৰ পুলিৰ বাবে বাগিচা নির্মাণ কৰি বন বিভাগৰ কার্যালয়টো ৰাইজৰো দৃষ্টি আকর্ষণ কৰাবলৈ সক্ষম হৈছে৷ যেনে হোজাই, মদাৰতলি, ধৰমতুল, শিলচাং আদি অঞ্চলৰ কথা ক’ব পাৰি৷ তেওঁ কয়– বন বিভাগৰ চাকৰি কৰি নিজৰ লগতে পৰিয়ালটোক পোহপাল দি আছে৷ গছসমূহ তেওঁৰ পৰিয়ালৰ সদস্যৰ দৰে৷ সেইবোৰক ৰক্ষণাবেক্ষণ দিয়াবাবৃদ্ধি কৰা তেওঁৰ দায়িত্ব আৰু কর্তব্য৷ প্রাণী জগত বাচি থাকিব হ’লে গছ থাকিব লাগিব৷ গতিকে গছ ৰোপণ কৰা আৰু ৰক্ষা কৰা প্রতিজন ব্যক্তিৰ দায়িত্ব আৰু কর্তব্য বুলি মন্তব্য কৰে৷

You might also like