নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছফ্টৱেৰ বিকাশৰ ব্যৱসায়েৰে প্রতিষ্ঠিত গুৱাহাটীৰ যুৱ ব্যৱসায়ী ইন্দ্রনীল তালুকদাৰ

-ড০ গীতালি শইকীয়া

আনে গঢ়া পথেৰে যাবলৈ বিচৰাতকৈ বা যোৱাতকৈ নিজে গঢ়া পথেৰে যোৱাৰ আমেজ সুকীয়া৷ জীৱনৰ সেই সুকীয়া আমেজ ইতিমধ্যেই বিচাৰি লৈছে ইন্দ্রনীল তালুকদাৰে৷ ইন্দ্রনীল এতিয়া অসমৰ যুৱ ব্যৱসায়ীসকলৰ অন্যতম৷ মাত্র ২৩ বছৰ বয়সতে ছফ্টৱেৰ বিকাশ ব্যৱসায়ত ওতপ্রোতভাৱে জড়িত হৈ পৰা ইন্দ্রনীলৰ ছাত্র জীৱনৰ পৰা এজন ব্যৱসায়ীৰ ৰূপত নিজকে গঢ় দিয়াৰ এই যাত্রা অতি ৰোমাঞ্চকৰ৷ তেতিয়া ইন্দ্রনীল গুৱাহাটীৰ নুনমাটিস্থিত অসম জাতীয় বিদ্যালয়ৰ ছাত্র৷ সপ্তম শ্রেণীত পঢ়ি থাকোঁতে তেওঁ বিদ্যালয়ত কম্পিউটাৰৰ সাধাৰণ জ্ঞানখিনি লাভ কৰাৰ সুযোগ পাইছিল৷ অষ্টম শ্রেণীত ঘৰতে এটা কম্পিউটাৰ হ’ল৷ দৈনন্দিন পঢ়া–শুনাৰ লগতে ইন্দ্রনীলে ক্রীড়া চর্চা চলাই গৈছিল৷ দবা খেলত পাৰদর্শী ইন্দ্রনীলে ৰাজ্যিক পর্যায়ত কেইবাটাও খিতাপ অর্জন কৰিছিল৷ কিন্তু সকলোৰে অলক্ষিতে ইন্দ্রনীলৰ আন এটা বিষয়ৰ প্রতিহে আকর্ষণ বৃদ্ধি পাবলৈ ধৰিলে৷ সেয়া হ’ল ছফ্টৱেৰ বিকাশ পদ্ধতি৷ ছফ্টৱেৰ বিকাশৰ লগত জড়িত ন ন তথ্য ইণ্টাৰনেটত সন্ধান কৰিবলৈ ধৰিলে তেওঁ৷ ইণ্টাৰনেট হৈ পৰিল তেওঁৰ বাবে আন এখন পাঠশালা৷ লাহে লাহে ইন্দ্রনীলৰ পিতৃ যোগবিদ তথা চিত্রশিল্পী হৰিপ্রসাদ তালুকদাৰ আৰু মাতৃ সুদর্শনা ডেকা তালুকদাৰে পুত্রৰ নতুন আকর্ষণৰ বিষয়ে জানিবলৈ পালে৷ প্রাৰম্ভিক অৱস্থাত এই বিষয়টোত ইন্দ্রনীল গভীৰভাৱে যুক্ত হৈ পৰাটো সমীচীন হ’ব নে নহ’ব, তাক লৈ তেওঁলোক দুয়ো কিছু দোমোজাত আছিল৷ কিন্তু কোনোদিনে নিজৰ ধ্যান–ধাৰণা সন্তানৰ ওপৰত জাপি দিব নোখোজা ইন্দ্রনীলৰ মাক–দেউতাক লাহে লাহে পতিয়ন গৈছিল যে ইন্দ্রনীল নিশ্চয় সি যাব খোজা পথেৰে গৈ নিজৰ লক্ষ্যত উপনীত হ’ব পাৰিব৷ তদুপৰি ইন্দ্রনীল আৰু ভায়েক কাব্যনীলক তেওঁলোকে প্রতিযোগিতাৰে পূর্ণ চাকৰিমুখী শিক্ষাৰ পৰিৱর্তে ব্যতিক্রমী কিবা এটা কৰি জীৱনত আগুৱাই যোৱাতহে গুৰুত্ব দিছিল৷ সৃষ্টিশীল মনৰ অধিকাৰী ইন্দ্রনীলৰ ছফ্টৱেৰ নির্মাণ জগতখনৰ প্রতি বাঢ়ি অহা কৌতূহল আৰু জ্ঞান অর্জনৰ স্পৃহা কেৱল ইণ্টাৰনেটেই পূৰণ কৰিব পৰা নাছিল৷ কাৰণ ২০১৩–১৪ চনত ইণ্টাৰনেটত ছফ্টৱেৰৰ পৃথিৱীখনৰ পর্যাপ্ত খবৰ উপলব্ধ নাছিল৷ ইন্দ্রনীলে বিদেশৰ লেখকৰ বিভিন্ন গ্রন্থ মগাই আনি অধ্যয়ন কৰিবলৈ ধৰিলে৷ চি এছ লিউৱিছৰ সেই কথাষাৰ যেন ইন্দ্রনীলৰ ক্ষেত্রত ষোল্ল অনাই খাপ খাই পৰিছিল– ‘জ্ঞানৰ প্রতি প্রেম একপ্রকাৰ পাগলামি’৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীর্ণ হোৱাৰ পিছত ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষা কলা শাখাত উত্তীর্ণ হৈ বুৰঞ্জীক প্রধান বিষয় হিচাপে লৈ স্নাতক শ্রেণীত নামভর্তি কৰে তেওঁ৷ আনহাতে, প্রযুক্তিৰ জগতৰ ন ন কাহিনী উন্মোচন হৈছিল তেওঁৰ দুচকুত৷ ছফ্টৱেৰ বিকাশ, ৱেব পেজ প্রস্তুত, ডিজাইনিং আদি বিষয়বোৰ বুৰঞ্জীতকৈ অধিক আকর্ষণীয় হৈ দেখা দিছিল ইন্দ্রনীলৰ মনত৷ লাহে লাহে ইন্দ্রনীলৰ মনত প্রশ্ণ উদ্ভৱ হ’ল যে উচ্চ শিক্ষা লৈনো তেওঁ কি কৰিব আৰু মনে ভাল পোৱা কামবোৰত সম্পূর্ণৰূপে নিজক নিয়োগ কৰিলে ভৱিষ্যৎ সুৰক্ষিত হ’বনে? দ্বিতীয় প্রশ্ণটোৰ উত্তৰ মনতে পাইছিল যে তেওঁ এই ক্ষেত্রখনতে আগবঢ়া উচিত৷ কম্পিউটাৰ বিজ্ঞানৰ কোনো আনুষ্ঠানিক শিক্ষা গ্রহণ নকৰা ইন্দ্রনীলৰ নিজৰ ওপৰত আছিল পৰম আস্থা৷ তেওঁ স্নাতক শিক্ষা আধৰুৱাকৈ এৰি আৰম্ভ কৰিলে ছফ্টৱেৰ নির্মাণ৷ প্র’গ্রেমিং আদিৰ কাম৷ দুই–তিনি বছৰ অকলেই কাম লাহে লাহে কৰাৰ পিছত ইন্দ্রনীলৰ কামে বজাৰত সমাদৰ লাভ কৰিলে৷ ইন্দ্রনীলৰ লগত আন দুজনমান ব্যক্তিয়ে কাম কৰাৰ ইচ্ছা কৰিলে আৰু তেওঁলোকৰ এটা টীম গঠন হ’ল৷ অৱশেষত ২০১৬ চনতInvision (ইনভিজন) নামৰ কোম্পানীটো স্থাপন কৰিলে তেওঁলোকে৷ বর্তমানInvision ত চাৰিজন কর্মচাৰী নিয়োজিত হৈ আছে৷ বর্তমান সময়ত ই–কমার্চৰ ব্যৱসায়ৰ যথেষ্ট চাহিদা আছে৷ ইনভিজনে এই কামসমূহ পূর্ণগতিত কৰি আছে৷ অনলাইন ব্যৱসায় কৰিব খোজা ব্যৱসায়ীসকলৰ প্রডাক্টসমূহ গ্রাহকৰ বাবে উপলব্ধ হোৱাকৈ ৱেবছাইট প্রস্তুত কৰি দিয়ে৷ তদুপৰি ম’বাইলৰ বিভিন্ন এপ নির্মাণ কৰাৰ লগতে কৃত্রিম বুদ্ধিমত্তা Artifical Iuteligence) প্রয়োগ কৰি ‘আখৰ’ নামৰ এটা এপ নির্মাণ কৰিছে৷ য’ত অসমীয়া, ইংৰাজী বর্ণশুদ্ধি কৰিব পাৰি৷ আলোকচিত্রৰ পৰা আখৰ ৰূপান্তৰকৰণৰ সুবিধাও এই ছফ্টৱেৰত আছে৷ এই এপটো ম’বাইল আৰু ডেস্ক টপ উভয় প্লেটফর্মত ব্যৱহাৰ কৰিব পাৰি৷ বর্তমান এখন অভিধানৰ কাম চলি আছে আৰু অভিধানখনত ৪৭ হাজাৰ অসমীয়া আৰু ইংৰাজী শব্দৰ অর্থ উপলব্ধ হ’ব৷ বহু প্রতিষ্ঠানৰ বাবে মেনেজমেণ্ট ছিষ্টেম, বাতৰিকাকতৰ ব্লগ, ৱেব প’র্টেল নির্মাণৰ কামো ইনভিজনে কৰিছে৷
নিচেই সৰুতে ব্যৱসায় আৰম্ভ কৰা ইন্দ্রনীলৰ পৰিয়ালৰ কোনো ব্যক্তি ব্যৱসায়ৰ লগত জড়িত নহয়৷ আমাৰ সমাজত এটা ধাৰণা আছে যে ব্যৱসায়ত সফল হ’বলৈ বাণিজ্য শাখাত পঢ়িব লাগিব৷ কিন্তু ইন্দ্রনীলৰ মতে ব্যৱসায় কৰিবলৈ বাণিজ্য শাখাত পঢ়িব লাগিব বুলি কথা নাই৷ তদুপৰি পুথিগত শিক্ষাতকৈ ব্যৱসায়ত সাফল্য লাভ কৰিবলৈ ব্যৱহাৰিক শিক্ষাৰহে অধিক প্রয়োজন৷ ছফ্টৱেৰ কোম্পানী প্রতিষ্ঠাৰ সাহস কৰা যুৱকজনে এইক্ষেত্রত লোৱা নাই কোনো আনুষ্ঠানিক শিক্ষাও৷ তেওঁৰ মতে ভাৰত তথা অসমত ছফ্টৱেৰ টেকন’লজীৰ যি আনুষ্ঠানিক শিক্ষাৰ প্রচলন আছে সেয়া সময়তকৈ বহুত পিছপৰা৷ আজিও পৰম্পৰাগত শিক্ষাই ছাত্রসকলে লাভ কৰি আছে, যিবোৰৰ ব্যৱহাৰিক মূল্য একেবাৰে নাই বুলি ক’লেও ভুল নহ’ব৷ তেওঁৰ মতে এই শিক্ষা ব্যৱস্থাৰ সংস্কাৰ ঘটোৱাৰ প্রয়োজন আছে৷
কোনো মূলধন নোহোৱাকৈয়ে প্রযুক্তি ক্ষেত্রত ব্যৱসায় আৰম্ভ কৰা ইন্দ্রনীলৰ মতে ছফ্টৱেৰ ব্যৱসায় আন ব্যৱসায়ৰ তুলনাত মূলধনৰ ক্ষেত্রতো ব্যতিক্রম৷ প্রডাক্ট একোটাৰ বিকাশ কৰি বজাৰত এৰি দিলেই উপার্জন কৰিব পাৰি৷ কেতিয়াবা প্রয়োজন হ’লেও নূ্যনতম মূলধনৰহে প্রয়োজন হয়৷ কিন্তু প্র’গ্রেমিঙৰ দৰে কামবোৰ কৰিবলৈ অত্যন্ত ধৈর্য আৰু সৃষ্টিশীল মনৰ আৱশ্যক৷
অসমৰ নৱপ্রজন্মৰ প্রতি ইন্দ্রনীলে কয় যে চাকৰিমুখী হোৱাতকৈ কিবা এটা নতুন কৰাৰ কথা চিন্তা কৰি কাম কৰিলে সমাজ আৰু ব্যক্তি উভয়ৰে লাভ হয়৷ অসমৰ কর্মসংস্কৃতিৰ ক্ষেত্রখনত কিছুমান পৰম্পৰাগত ধাৰণা আছে, যাৰ বাবে অসমৰ শিক্ষিত যুৱকে বাহিৰৰ ছফ্টৱেৰ কোম্পানীত কাম কৰিবলৈ যায়৷ কিন্তু ইন্দ্রনীলে অসমতে তথ্য–প্রযুক্তিৰ বিকাশ ঘটাই এনে এটা পৰিৱেশ সৃষ্টি কৰিব খোজে যাতে নিবনুৱা সমস্যা সমাধানতো কিছু সহায়ক হয়৷ তেওঁৰ মতে ছফ্টৱেৰ বিকাশ বা তথ্য–প্রযুক্তিৰ ক্ষেত্রখনত জড়িত যুৱক–যুৱতীৰ আর্থিক ভৱিষ্যৎ যথেষ্ট সুৰক্ষিত৷ আত্মবিশ্বাস, কলাসুলভ মন আৰু ধৈর্যৰে এই খণ্ডত ব্যৱসায় কৰি যুৱক–যুৱতীয়ে সংস্থাপনৰ বাট মোকলাব পাৰে বুলি তেওঁ দৃঢ়তাৰে কয়৷

You might also like