নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৰ্মৰে বহিৰাগতৰ বিৰুদ্ধে সংগ্ৰাম মাজুলীৰ দীপাংকৰৰ

দিগন্ত বৈৰাগী 

 

    বর্তমান সমাজৰ যুৱপ্রজন্মৰ মাজত দেখা দিয়া শ্রমবিমুখিতাৰ বিৰুদ্ধে সৰু সৰু কামেৰে আদর্শ দেখুৱাইছে মাজুলীৰ মুদৈবিল গাঁৱৰ দীপাংকৰ বৰাই৷ ৰাজ্যত নাগৰিকত্ব আইনৰ বিৰুদ্ধে ৰাজপথত হাজাৰ হাজাৰ লোকে প্রতিবাদ কৰি থকাৰ সময়তে ‘…ডিঙিৰ শিৰ ফুলাই চিঞৰিলে বিদেশী নাযায়…বন্ধু কথাৰে নহয়, কামেৰে পৰিচয় দিয়া, তুমি যে অসমীয়া’ শীর্ষক এটা ফেচবুক পোষ্টেৰে নেটিজেনৰ মাজত চর্চালৈ আহিছে দীপাংকৰ বৰা নামৰ এই যুৱকজন৷ ৰাজ্যত ‘কা’বিৰোধী আন্দোলনৰ প্রতি সঁহাৰি থাকিলেও কর্মৰ জৰিয়তেহে বহিৰাগতৰ আগ্রাসন ৰোধ কৰিব পাৰি তাকে প্রকাশ কৰিছিল দীপাংকৰে৷ দুই সহস্রাধিক ফেচবুক অনুৰাগীয়ে শ্বেয়াৰ কৰা এই পোষ্টত তেওঁ কর্ম আন্দোলনৰ আহ্বান জনাইছে৷ বিগত সময়ত ছাত্র আন্দোলনত যোগ দি একাংশৰ সুবিধাবাদী চৰিত্রৰ প্রতি মোহভংগ হোৱা দীপাংকৰৰ পিতৃ এখন চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চতুর্থ বর্গৰ কর্মত নিয়োজিত৷ পিতৃৰ উপার্জনেৰে গাঁৱলীয়া পৰিৱেশত পৰিয়াল চলোৱাত অসুবিধা নহ’লেও দীপাংকৰে সৰুৰে পৰাইব্যতিক্রমী চিন্তাৰে নিজক প্রতিষ্ঠা কৰাৰ অহৰহ প্রচেষ্টা চলাই আহিছে৷ কেতিয়াবা চানাৱলা, কেতিয়াবা পদপথৰ দোকানৰ দোকানী আৰু কেতিয়াবা এটা কেটলীত চাহ লৈ মাজুলীক বজাৰৰ দোকানে দোকানে গৈ চাহ বিক্রী কৰে দীপাংকৰে৷ এইবোৰ কৰিবলৈ দীপাংকৰৰ মনত নাই কোনো সংকোচ৷ আত্মপ্রতিষ্ঠাৰ তাগিদাত বহুদিন ঘৰৰ পৰা বাহিৰত থাকি দীপাংকৰে ৰাজ্যৰ বাহিৰৰ পৰা অহা লোকসকলে পদপথত, ৰে’ল ষ্টেচনত দেখাত সৰু যেন লগা এনেধৰণৰ কামেৰে কৰা উপার্জন দেখি আহিছিল৷ সেই কামেৰে সেই লোকসকলে পৰিয়ালো পোহপাল দিছে৷ এই কথাই দোলা দি থকা দীপাংকৰে ঘৰলৈ উভতি গৈ আৰম্ভ কৰে কেতবোৰ সৰু সৰু ব্যৱসায়৷ গাঁৱৰ লোকসকলে উপার্জন কৰা শাক–পাচলি নি তেওঁ সমীপৰ ফুলনি বজাৰত বিক্রী কৰি নিজৰ লগতে সেই পৰিয়ালসমূহকো উপকৃত কৰিছিল৷ শেহতীয়াকৈ মুচি কাম কৰিবলৈও সংকল্প লোৱা দীপাংকৰে কম টকা ব্যয়েৰে কৰিব পৰা এই ধৰণৰ উপার্জনমুখী পথ তেওঁ হাতে–কামে কৰি নিজকে লগতে আনকো ইয়াৰ প্রতি অনুপ্রাণিত কৰিছে৷ সকলোৰে মাজতে মিলিব পৰা দীপাংকৰে ইতিমধ্যে বহুতৰে পৰা সঁহাৰিও লাভ কৰিছে৷

You might also like