নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইলেক্ট্র’চিউটিকেলছ : ঔষধ-অস্ত্রোপচাৰ অবিহনে ৰোগ নিৰাময়

🔹 বিশ্বৰ স্বাস্থ্যখণ্ডত যুগান্তকাৰী প্রযুক্তিৰ নৱসংযোজন

চিত্তৰঞ্জন ওজা, ২৯ এপ্ৰিল : প্রযুক্তিৰ ন ন আৱিষ্কাৰে বিশ্বৰ স্বাস্থ্য–চিকিৎসা খণ্ডত অনবদ্য অৰিহণা যোগাবলৈ সক্ষম হৈছে৷ ৰোগ নির্ণয়ৰ বাবে প্রয়োজন হোৱা পৰীক্ষাগাৰসমূহ, ৰোগ নিৰাময়ৰ চিকিৎসা পদ্ধতি, ৰবটিক অস্ত্রোপচাৰ, লাইফ ছাপোর্ট আদি চিকিৎসাৰ প্রতিটো দিশতে বিজ্ঞান আৰু প্রযুক্তিৰ ব্যৱহাৰিক প্রয়োগ অপৰিসীম৷ প্রযুক্তি অবিহনে সম্প্রতি চিকিৎসা ক্ষেত্রখন স্থবিৰ হৈ পৰিব৷ নতুন প্রযুক্তি সংযোজনৰ বাবে বিশ্বৰ বিভিন্ন গৱেষণাগাৰত অহৰহ গৱেষণা চলি আছে৷ হাজাৰ হাজাৰ বিজ্ঞানী, প্রযুক্তিবিদৰ আশাশুধীয়া প্রচেষ্টাৰ অন্তত চিকিৎসা খণ্ডত নতুন প্রযুক্তিৰ প্রয়োগ হ’বলৈ ধৰিছে৷ শেহতীয়াকৈ স্বাস্থ্য–চিকিৎসা খণ্ডত নৱসংযোজিত এক যুগান্তকাৰী প্রযুক্তি হৈছে– ‘ইলেক্ট্র’চিউটিকেলছ’৷ বেমাৰ হ’লে ডাক্তৰে আমাক ঔষধ খাবলৈ দিয়ে৷ কিছুমান বেমাৰ দৰবেৰে উপশম নঘটে, অস্ত্রোপচাৰ কৰি ৰোগ নিৰাময় কৰিব লাগে৷ কিন্তু প্রতিটো ঔষধ বা অস্ত্রোপচাৰৰ এক পার্শ্বক্রিয়া থাকে৷ কাৰণ ঔষধৰ প্রভাৱ দেহৰ যিটো অংশত ৰোগে আক্রমণ কৰিছে সেই স্থানতে নাথাকি অন্যান্য অংশলৈ বিয়পে, যিয়ে দেহৰ আন অংশত ক্ষতিসাধন কৰাৰ সম্ভাৱনা থাকে৷ পার্শ্বক্রিয়া কিছুমান ঔষধৰ বেছি, কিছুমানৰ একেবাৰে নগণ্য৷ আমাৰ মগজুত থকা কেন্দ্রীয় স্নায়ুতন্ত্রই মানৱ দেহৰ প্রতিটো অংগ আৰু প্রতিটো কার্য নিয়ন্ত্রণ কৰে৷ মগজুত থকা নিউৰ’নবোৰে দেহৰ বিভিন্ন অংগলৈ বৈদ্যুতিক সংকেত প্রেৰণ কৰে৷ তেনেদৰে ইন্দ্রিয়সমূহৰ পৰা বাহ্যিক সংবেদন অন্তর্মুখী স্নায়ুৰ দ্বাৰা মস্তিষ্কলৈ পঠিয়াই দিয়ে৷ এনে এটা চিকিৎসা ব্যৱস্থাৰ কথা আমি ভাবিব পাৰোঁ, যিয়ে কেন্দ্রীয় স্নায়ুতন্ত্রৰ পৰা বাহিৰ হোৱা বৈদ্যুতিক সংকেতক নিয়ন্ত্রণ কৰিব পাৰিব৷ তেনেধৰণৰ চিকিৎসা ব্যৱস্থাই হৈছে ‘ইলেক্ট্র’চিউটিকেলছ’৷ ইয়াৰ প্রয়োগেৰে চিকিৎসকে ঔষধ প্রয়োগ বা অস্ত্রোপচাৰৰ দৰে জটিল প্রক্রিয়া ব্যৱহাৰ কৰাৰ পৰিৱর্তে ব্যক্তিজনৰ স্নায়ুতন্ত্র বা মগজুৰ নির্দিষ্ট স্নায়ু ফাইবাৰক লক্ষ্য হিচাপে লৈ তাৰ নিৰাময়ৰ ব্যৱস্থা কৰে৷ আন অর্থত বৈদ্যুতিক সংকেতসমূহৰ বিজুতি ঘটিলে ‘ইলেক্ট্র্র’চিউটিকেলছ’ৰ সহায়ত ইয়াৰ নিৰাময়ৰ যোগেৰে নির্দিষ্ট ৰোগৰ পৰা মুক্ত হ’ব পৰা যাব৷ এনেদৰে ‘ইলেক্ট্র’চিউটিকেলছ–’এ দেহৰ শাৰীৰিক কার্যকলাপ যেনে– খাদ্যগ্রহণ, হূদযন্ত্র, অগ্ণ্যাশয়, যকৃত, বৃক্ক বা প্লীহাৰ কার্যকলাপ চিকিৎসকে নিয়ন্ত্রণ কৰিব পাৰিব৷ ইয়াৰ সহায়ত আনকি ইনফ্লেমেচন নিয়ন্ত্রণ কৰিব পাৰে আৰু বহুমূত্র ৰোগ, মেদবহুলতা, উচ্চ ৰক্তচাপ, হূদযন্ত্রৰ বিফলতা, চেৰেব্রো–ভাস্কুলাৰ আৰু পালমোনাৰীৰ দৰে বহুতো ৰোগ সঠিকভাৱে নিয়ন্ত্রণলৈ আনিব তথা নিদান পাব পৰা যাব৷ আশা কৰা গৈছে যে অনাগত দুটা দশকত ‘ইলেক্ট্র’চিউটিকেলছ’–এ চিকিৎসা ব্যৱস্থাত এক মুখ্য ভূমিকা ল’ব৷ বিশ্বৰ ২০০ কোটি জনসাধাৰণে এই চিকিৎসা পদ্ধতিৰে বহুদিনীয়া জটিল ৰোগৰ পৰা পৰিত্রাণ পাব৷ ‘ইলেক্ট্র’চিউটিকেলছ’ৰ চিকিৎসাৰ মূল লক্ষ্য হ’ল মগজুৰ নিউৰ’ন বর্তনী৷ গতিকে এনে চিকিৎসাৰ বাবে কৰিবলগীয়া প্রথম কাম হ’ল নিউৰ’ন বর্তনীৰ পৰা ওলোৱা বৈদ্যুতিক সংকেতৰ মেপিং কৰা৷ যিবোৰ বৈদ্যুতিক সংকেতে ভালদৰে কাম কৰা নাই, সেই সংকেত সৃষ্টি হোৱা উৎস বিচৰা আৰু তাৰ নিৰাময়ৰ বাবে প্রচেষ্টা হাতত লোৱা৷ বিসংগতি থকা বৈদ্যুতিক সংকেত সঠিক ৰূপত পাবলৈ উন্নত প্রযুক্তিৰে তৈয়াৰ কৰা বিশেষ ধৰণৰ আহিলা, যাক কোৱা হয় ‘ইলেক্ট্র’চিউটিকেলছ ডিভাইচ’ মানুহৰ দেহত সুমুৱাই দিয়া হয়৷ এই আহিলাই বৈদ্যুতিক সংকেতৰ ওপৰত ক্রিয়া কৰি সঠিক সংকেত দেহৰ বিভিন্ন অংগলৈ পঠিয়াব পাৰে৷ এই আহিলাসমূহত ক্ষুদ্রতম ‘ইলেক্ট্র’নিক চিপ্চ’ ব্যৱহাৰ হয়৷ এই চিপ্চৰ বাবে প্রয়োজন হোৱা শক্তি বিদ্যুৎ চুম্বকীয় তৰংগৰ পৰা, কেতিয়াবা যান্ত্রিক শক্তি অথবা ৰাসায়নিক শক্তিৰ দ্বাৰা পাব পৰা যায়৷ ইলেক্ট্র’নিক আহিলাবিধৰ পৰা ওলোৱা সংকেত বঢ়া–টুটা কৰিবলৈ এটা ভলিউম কণ্ট্ৰ’ল থাকে, যাৰ দ্বাৰা বাহিৰৰ পৰাই ব্যক্তিজনৰ শাৰীৰিক অৱস্থা চাই নিয়ন্ত্রণ কৰিব পৰা যায়৷ ‘ইলেক্ট্র’চিউটিকেলছ’ৰ এটা উদাহৰণ হ’ল পেচমেকাৰ৷ মানৱ দেহত হূদযন্ত্রই সংকোচন–প্রসাৰণৰ বাবে হূদযন্ত্রৰ সোঁফালে থকা মাংসপেশীয়ে প্রাকৃতিকভাৱে পেচমেকাৰৰ কাম কৰি নিয়মিত হাৰত বৈদ্যুতিক সংকেত সৃষ্টি কৰে৷ ইয়াৰ সহায়ত মিনিটত ৭২বাৰ হূদযন্ত্রৰ সংকোচন–প্রসাৰণ হয়৷ প্রাকৃতিকভাৱে উৎপন্ন এই বৈদ্যুতিক সংকেতত ব্যাঘাত জন্মিলে কৃত্রিমভাৱে এটা পেচমেকাৰ মানৱ দেহত বহুৱাব লাগে, যিয়ে প্রয়োজনীয় বৈদ্যুতিক সংকেত সৃষ্টি কৰিব পাৰে৷ এই ব্যৱস্থাই হ’ল একপ্রকাৰ ‘ইলেক্ট্র’চিউটিকেলছ’৷ হূদযন্ত্রৰ সংকোচন–প্রসাৰণ স্বাভাৱিকভাৱে হ’বলৈ ইয়াত কোনো ঔষধ প্রয়োগ কৰা নহয় আৰু অস্ত্রোপচাৰ কৰা নহয়৷ কেৱল পেচমেকাৰটো দেহত সুমুৱাই দিবলৈ সৰুকৈ অস্ত্রোপচাৰ কৰিব লাগে৷ সেইদৰে আমাৰ মেৰুদণ্ডৰ মাজত থকা মেৰুৰজ্জুৰ বিসংগতিৰ বাবে বহুতো লোকে পিঠিৰ বিষত ভোগে৷ বহুতে অস্ত্রোপচাৰ কৰিবলগীয়া হয়৷ ‘নার্ভো’ নামৰ ব্যক্তিগত প্রতিষ্ঠান এটাই এনে এবিধ ইলেক্ট্র’নিক আহিলা আৱিষ্কাৰ কৰিছে, যাৰ সহায়ত মেৰুৰজ্জুৰ স্নায়ুক বৈদ্যুতিক সংকেতৰ সহায়ত নতুনকৈ কর্মঠ কৰি তুলিব পাৰি৷ অস্ত্রোপচাৰ নকৰাকৈ পিঠিৰ বিষৰ ৰোগ নিৰাময় কৰিব পৰা যায়৷ ইয়াৰ বাবে পিঠিৰ পিনে সৰু ইলেক্ট্র’নিক আহিলা এবিধ সুমুৱাই দিব লাগিব৷ সেই আহিলাবিধে দিনে–নিশাই কাম কৰি থাকিবলৈ এটা বেটাৰীৰ প্রয়োজন হয়৷ কিছু বছৰৰ মূৰে মূৰে বেটাৰী সলনি কৰিব লাগে৷ অট’ ইমিউনৰ বাবে মানুহৰ দেহত বিভিন্ন ৰোগে দেখা দিয়ে৷ তেনে ৰোগসমূহৰ ভিতৰত আছে– হাড়ৰ গাঁঠিত হোৱা বাতবিষ, চৰিয়ছিছ, স্ল্কেৰছিছ আদি৷ দেহৰ ৰোগ প্রতিৰোধক ব্যৱস্থা বৃদ্ধি পালে নিজৰ দেহৰ হাড়ৰ গাঁঠিৰ সুস্থ কোষবোৰত আক্রমণ কৰিবলৈ লয়৷ তাৰ ফলত বিষ অনুভৱ হ’বলৈ ধৰে, খোজ কাঢ়িবলৈ অসুবিধা হয়৷ এই সকলোবিধ ৰোগৰ লগত সংযুক্ত হৈ আছে ভেগাছ স্নায়ু৷ এই ভেগাছ স্নায়ুক ষ্টিমুলেট কৰি এই ৰোগৰ পৰা পৰিত্রাণ পাব পৰা যাব৷ ‘ছেটপইণ্ট’ নামৰ এটা ব্যক্তিগত প্রতিষ্ঠানে মেৰুৰজ্জুৰ স্নায়ু ষ্টিমুলেচনৰ বাবে ‘ইলেক্ট্র’চিউটিকেলছ’ আহিলা প্রস্তুত কৰি উলিয়াইছে৷ ইতিমধ্যে আৱিষ্কাৰ–উদ্ভাৱন কৰা এনেধৰণৰ বিভিন্ন ‘ডিভাইচ–চিপ্চ’ৰ ওপৰত অহৰহ পৰীক্ষা–নিৰীক্ষা বর্তমান চলি আছে৷ মানুহৰ ওপৰত তাৰ প্রয়োগ আৰু ইয়াৰ সম্ভাব্য ফলাফলৰ বিষয়ত গৱেষণা চলাই থকা হৈছে৷ সেই ‘ডিভাইচ’সমূহ ৰোগ নিৰাময়ৰ বাবে উপলব্ধ হ’বলৈ কিছু বছৰ অপেক্ষা কৰিব লাগিব৷ দেশ–বিদেশৰ ঔষধ নির্মাতা প্রতিষ্ঠানসমূহে ‘ইলেক্ট্র’চিউটিকেলছ’ৰ প্রয়োগৰ ওপৰত গৱেষণা কৰিবলৈ বিশেষ আগ্রহী হৈ উঠা দেখা নাযায়৷ ইয়াৰ এটা কাৰণ হ’ল যে ‘ইলেক্ট্র’চিউটিকেলছ ডিভাইচ’ৰ জৰিয়তে ৰোগ নিৰাময় হ’লে প্রতিদিনে ঔষধ সেৱন কৰাৰ প্রয়োজন নাথাকে৷ অধিকসংখ্যক বহুমূত্র ৰোগত ভোগা ব্যক্তিয়ে দিনে এশ টকাৰ ওপৰত ঔষধ সেৱন কৰিব লাগে৷ তাৰ পাছতো ব্যক্তিজনৰ গুৰুত্বপূর্ণ অংগ বিকল হোৱাৰ সম্ভাৱনা থাকে৷ কিন্তু এক লাখ টকাৰ ভিতৰত যদি এনে ডিভাইচ দেহত সুমুৱাই কোনো পার্শ্বক্রিয়া নোহোৱাকৈ বহুমূত্র ৰোগৰ পৰা নিস্তাৰ পাব পাৰে, তেনেহ’লে মানুহে ঔষধ সেৱন কৰিবলৈ নাযাব৷ ফলত ঔষধ নির্মাতা প্রতিষ্ঠানসমূহ বৃহৎ পৰিমাণৰ লোকচানৰ সন্মুখীন হ’ব৷ পিছে শেহতীয়াকৈ কেইবাটাও ইলেক্ট্র’নিক প্রতিষ্ঠানে ঔষধ নির্মাণকাৰীৰ সৈতে চুক্তিবদ্ধ হৈছে নতুন নতুন ‘ইলেক্ট্র’চিউটিকেলছ ডিভাইচ’ তৈয়াৰ কৰাৰ উদ্দেশ্যে৷ অৱশ্যে ‘ইলেক্ট্র’চিউটিকেলছ’ প্রয়োগৰ দুটামান অসুবিধাও আছে৷ দেহৰ ভিতৰৰ নিউৰ’নৰ বর্তনী সম্পূর্ণ শুদ্ধকৈ মেপিং কৰাত সফলতা লাভ কৰিব পৰা নাই৷ হয়তো কেইবছৰমান পাছত ইয়াক সম্ভৱ কৰিব পৰা যাব৷ ইলেক্ট্র’নিক চার্কিটত বিজুতি ঘটিলে ৰোগীৰ জীৱন–মৰণৰ সমস্যায়ো দেখা দিব পাৰে৷ তাৰ বাবে বিকল্প পথ উলিয়াব লাগিব৷ সকলো ‘ইলেক্ট্র’নিক ডিভাইচ’ত আজিকালি প্রচেছৰ আৰু ছফ্টৱেৰৰ প্রয়োগ হয়৷ ছফ্টৱেৰ প্র’গ্রেমিং হেক কৰি ব্যক্তি এজনৰ অপকাৰ সাধিবলৈ কোনোবাই চেষ্টা চলাব পাৰে৷ তাৰ প্রতিকাৰৰ কথাও আমি ভাবিব লাগিব৷ এই সকলো প্রশ্ণৰ সদুত্তৰ পাবলৈ আমি কিছুবছৰ অপেক্ষা কৰিব লাগিব৷ কিন্তু ইলেক্ট্র’নিক, ছফ্টৱেৰ অভিযন্তা আৰু চিকিৎসা বিভাগৰ গৱেষকৰ যৌথ প্রচেষ্টাত মানৱ জাতিয়ে এনে এটা অভিনৱ বিকল্প চিকিৎসা ব্যৱস্থা পাবলৈ সক্ষম হৈছে, যাৰ পার্শ্বক্রিয়া নাথাকে৷

ফোন : ৯৮৬৪০–৩৬১৪৩

You might also like