নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাজিৰাৰ জ্যোতিগৃহ

মহিলা মানসিক ৰোগীৰ আশা-ভৰসাৰ স্থল

নেকিব আহমেদ 

ৰাজ্যৰ বিভিন্ন প্রান্তৰ মহিলা মানসিক ৰোগীৰ আশা–ভৰসাৰ স্থল হৈ পৰিছে নাজিৰা মহকুমাৰ বৰতলাস্থিত ‘জ্যোতিগৃহ’৷ নাজিৰাৰ উদ্যমী যুৱক নাচেৰ খানৰ একক প্রচেষ্টাত গঢ় লৈ উঠা হিউমেন ৱেলফেয়াৰ ছ’চাইটীয়ে অসমৰ বিভিন্ন প্রান্তৰ পৰা মানসিক ৰোগীসকলকআনি চিকিৎসা কৰোৱাই জ্যোতি বিলোৱাত ব্যস্ত হৈ পৰিছে৷ ৰ’দ–বৰষুণত অনাই–বনাই ঘূৰি–ফুৰি জীৱনটোক তিলতিলকৈ মৃত্যুৰ মুখলৈ ঠেলি দিয়া ৰাজ্যৰ বিভিন্ন প্রান্তৰ লগতে ৰাজ্যৰবাহিৰৰো প্রায় চাৰি শতাধিক মহিলা মানসিক ৰোগী এই জ্যোতিগৃহতেই সুস্থ–সবল হৈ স্বাভাৱিক জীৱন যাত্রা আৰম্ভ কৰিবলৈ সক্ষম হৈছে৷ উল্লেখ্য যে ২০০৬ চনত উদ্যমী তথা সচেতন যুৱক নাচেৰ খানসহ কেইজনমান ব্যক্তিৰ বিশেষ উদ্যোগত গঢ় লৈ উঠিছিল হিউমেন ৱেলফেয়াৰ ছ’চাইটী নামৰ এটা স্বেচ্ছাসেৱী অনুষ্ঠান৷ সমাজৰ অৱহেলিত আৰু উপেক্ষিত মহিলা মানসিক ৰোগীসকলৰ হৈ সেৱা আগবঢ়োৱাৰ উদ্দেশ্যে গঠন হোৱা এই স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে ২০০৬ চনৰ পৰা নাজিৰা মহকুমাৰ লগতে শিৱসাগৰ জিলাৰ বিভিন্ন প্রান্তৰ মহিলা মানসিক ৰোগীসকলক সম্পূর্ণ নিজা প্রচেষ্টাত উদ্ধাৰ কৰি ছ’চাইটীৰ নিজৰ তত্ত্বাৱধানত থকা, খোৱা, পিন্ধা, স্বাস্থ্য পৰীক্ষা, বিনামূলীয়া ঔষধৰ উপৰি প্রয়োজন অনুসৰি তেজপুৰস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক চিকিৎসালয়ত চিকিৎসা কৰোৱাৰো ব্যৱস্থা কৰা হৈছে৷ হিউমেন ৱেলফেয়াৰ ছ’চাইটীৰ সভাপতি ড০ নবীন ফুকন আৰু সঞ্চালক নাচেৰ খানৰ বিশেষ তৎপৰতাত আৰম্ভ হোৱা এই মহিলা মানসিক ৰোগীসকলক থকা–খোৱা আৰু চিকিৎসাৰ বাবে ‘জ্যোতি’ গৃহ নামেৰে নাজিৰা মহকুমাৰ বৰতলত নির্মাণ কৰা হয় মহিলা মানসিক ৰোগী পুনৰ সংস্থাপন কেন্দ্র৷ হিউমেন ৱেলফেয়াৰ ছ’চাইটীয়ে বিগত তেৰটা বছৰে উজনি অসমৰ শিৱসাগৰ, যোৰহাট, গোলাঘাট, কার্বি আলং জিলাৰ প্রায় চাৰি শতাধিকৰো অধিক মহিলা মানসিক ৰোগীৰ চিকিৎসাৰ উপৰি বিনামূলীয়া ঔষধ যোগান ধৰি এক সুস্থ জীৱন দিবলৈ সক্ষম হৈছে৷ ছ’চাইটীৰ সদস্য, শুভাকাংক্ষী, আৰু অ’ এন জি চিৰ কিছু অর্থ–সাহায্যৰে পৰিচলিত এই জ্যোতিগৃহত বর্তমান শিৱসাগৰ, যোৰহাট, গোলাঘাট, ডিব্রুগড, দেৰগাঁও, ডিমাপুৰৰ মুঠ ৩২গৰাকী মহিলা মানসিক ৰোগীক চিকিৎসা দি থকাৰ উপৰি অসমৰ এগৰাকী মহিলা কেৰালাৰ কালিকটত দুবছৰ ধৰি চৰকাৰী মানসিক চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ কথা গম পাই হিউমেন ৱেলফেয়াৰ ছ’চাইটীৰ এটা সঁজাতী দলে কেৰালাৰ পৰা জ্যোতিগৃহলৈ আনিবর্তমান এক সুস্থ পৰিৱেশত জীৱন নির্বাহ কৰি আছে৷
চিকিৎসাধীন আলফা নেত্রীঃ এসময়ত আলফাৰ দুর্ধর্ষ নেত্রী বেবী মৰাণ ওৰফে অৰুণা মৰাণ ওৰফে অম্বিকা বৰুৱা ওৰফে দ্বীপশিখা বৰুৱা বর্তমান নাজিৰা বৰতলস্থিত উজনি অসমৰ প্রথমখন মানসিক ৰোগী পৰিচার্য কেন্দ্র জ্যোতিগৃহত চিকিৎসা গ্রহণ কৰি আছে৷ প্রায় দুবছৰ পূর্বে মানসিক ৰোগত আক্রান্ত হৈ বাটে–পথে ঘূৰি ফুৰাৰ দৃশ্য ফেচবুকত প্রত্যক্ষ কৰি হিউমেন ৱেলফেয়াৰ ছ’চাইটীৰ সঞ্চালক মাত্র খানে ডিব্রুগডত উপস্থিত হৈ চিকিৎসাৰ বাবে বেবীক জ্যোতিগৃহলৈ আনে৷ বিগত প্রায় দুবছৰ ডিব্রুগড মেডিকেল কলেজ আৰু তেজপুৰস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ মানসিক চিকিৎসালয়ত চিকিৎসা কৰোৱাৰ পাছত সম্প্রতি সুস্থ হৈ উঠিছে৷ আলোচনাপন্থী আলফা নেতাকে ধৰি বহু ব্যক্তিয়ে আলফা নেত্রীগৰাকীৰ চিকিৎসাৰ বাবে সহায় কৰাৰ প্রতিশ্রুতি দিছিল যদিও আজি পর্যন্ত সেই প্রতিশ্রুতি পূৰণ নহ’ল৷ ১৯৯২ চনত আলফাত যোগদান কৰা বেবী মৰাণক ভূটানত ভাৰতীয় সেনাৰ অপাৰেচন অল ক্লিয়েৰৰ সময়ত ভাৰতীয় সেনাৰ হাতত স্বামী দীনেশ বৰুৱাৰ সৈতে গ্রেপ্তাৰ হোৱা বেবী মৰাণ ডিব্রুগডত কাৰাৰুদ্ধ হৈ থকাৰ সময়তে স্বামীৰ মৃত্যু হয়৷ স্বামীৰ মৃত্যুৰ পাছৰ পৰাই বেবী মৰাণ মানসিক ৰোগত আক্রান্ত হৈছিল৷

You might also like