অইল ইণ্ডিয়া লিমিটেডত নিযুক্তিৰ সুযোগ
অইল ইণ্ডিয়া লিমিটেডত আৱশ্যক হৈছে লায়ন্স অফিচাৰৰ৷ পদটো দুলিয়াজানস্থিত অইলৰ মুখ্য কার্যালয়ত পূৰণ কৰা হ’ব৷ প্রার্থী প্রাৰম্ভিক পর্যায়ত এবছৰীয়া ঠিকাভিত্তিক চুক্তিত নিয়োগ কৰা হ’ব যদিও পৰৱর্তী সময়ত চাকৰিৰ ম্যাদ দুবছৰলৈ বৃদ্ধি কৰা হ’ব৷ আবেদনকাৰী প্রাক্তন কর্মচাৰী হ’ব লাগিব৷ বয়স ২৮ ফেব্রুৱাৰী ২০২০লৈ সর্বোচ্চ ৬৫ বছৰ৷ নিযুক্তিপ্রাপ্তই মাহে ৪০,০০০ টকাসহ অন্যান্য ভাট্টা হিচাপে ৬,০০০ টকা লাভ কৰিব৷ আগ্রহীসকলে নির্ধাৰিত আবেদন প্র–পত্র ৱেবছাইটhttps://www.oil-india.com/Document/Careerৰ পৰা ডাউনলোড কৰি ল’ব লাগিব৷ যাৱতীয় নথি–পত্রৰ প্রত্যায়িত প্রতিলিপিসহ আবেদন’GM (Personnel), Personnel Department, Oil India Ltd. Duliajan, Dibrugarh-786602, Assam’ ঠিকনালৈ প্রেৰণ কৰিব লাগিব৷ আবেদন দাখিলৰ অন্তিম তাৰিখ ২৮ ফেব্রুৱাৰী ২০২০৷