নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম আৰক্ষীৰ জে’ল ৱার্ডাৰৰ ১৭৩ পদ

অসম আৰক্ষীত অচিৰেই জে’ল ৱার্ডাৰৰ ১৭৩ পদত প্রার্থী নিয়োগ কৰা হ’ব৷ ইতিমধ্যে এই বিষয়ে গুৱাহাটীৰ ৰিহাবাৰীস্থিত ৰাজ্যিক পর্যায়ৰ আৰক্ষী নিযুক্তি ব’ডৰ অধ্যক্ষই এক বিস্তৃত নিয়োগ বিজ্ঞাপন সংবাদ–পত্রত প্রকাশ কৰিছে৷ পদসমূহ অসম আৰক্ষীৰ কাৰাগাৰ বিভাগৰ অধীনস্থ৷ মুঠ পদ ১৭৩টাৰ ভিতৰত পুৰুষৰ ১৫৩টা আৰু মহিলাৰ বাবে ২০টা পদ সংৰক্ষিত থাকিব৷ জে’ল ৱার্ডাৰৰ পুৰুষ পদৰ প্রার্থীৰ শৈক্ষিক অর্হতা দশম শ্রেণী৷ ইয়াৰ উপৰি প্রার্থী চাইকেল চলাবলৈ জনা হ’ব লাগিব৷ আনহাতে, মহিলা প্রার্থীৰ শৈক্ষিক অর্হতা অষ্টম শ্রেণী উত্তীর্ণ হোৱা হ’ব লাগিব৷

বয়স ১ জানুৱাৰী ২০২০লৈ ১৮–৩৮বছৰ৷ অৱশ্যে প্রার্থীৰ জন্ম ১জানুৱাৰী ১৯৮২ৰ পিছত আৰু ১জানুৱাৰী ২০০২ৰ আগত হোৱা হ’ব লাগিব৷ বয়সৰ ঊর্ধ্বসীমাত সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে বিধিগত ৰেহাই লাভ কৰিব৷ দৰমহাৰ নিৰিখ ১৪,০০০–৪৯,০০০ টকাসহ ৫,০০০ টকা গ্রেড পে৷ কোনোধৰণৰ আবেদন মাচুল পৰিশোধ কৰিব নালাগে৷ প্রার্থী বাছনি পিএছটি আৰু পিইটি মাধ্যমেৰে কৰা হ’ব৷ আগ্রহীসকলে নিযুক্তি সম্পর্কীয় সবিশেষ তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া শৈক্ষিক অর্হতা, অভিজ্ঞতা, বয়স, শ্রেণী, বাছনি প্রক্রিয়াকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈ বিভাগীয় ৱেবছাইটhttps://slprbassam.in লগ–ইন কৰিব পাৰিব৷ অনলাইনযোগে আবেদন দাখিল প্রক্রিয়া ৫ মার্চৰ পৰা অহা ২৫ মার্চ ২০২০লৈ অব্যাহত থাকিব ।

You might also like