আই’চিএলত ৫০০ পদ খালী
ইণ্ডিয়ান অইল কর্প’ৰেচন লিমিটেড চমুকৈ আই’চিএলৰ মার্কেটিং ডিভিজনত খালী হৈছে কাৰিকৰী আৰু অকাৰিকৰী শিক্ষা নবিচৰ ৫০০ পদ৷ বিজ্ঞাপনৰ তথ্য অনুসৰি কাৰিকৰী শিক্ষা নবিচ (২৬৫), ট্রেড শিক্ষা নবিচ (৯৯) আৰু অকাৰিকৰী ট্রেড শিক্ষা নবিচ (১৩৬)ৰ পদত প্রার্থী নিয়োগ কৰা হ’ব৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি আই’চিএলৰ মুম্বাইস্থিত মুখ্য কার্যালয়ৰ তৰফৰ পৰা এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰা হৈছে৷ মুঠ পদৰ ভিতৰত ২৫৪টা অসংৰক্ষিত, আর্থিকভাৱে দুর্বল শ্রেণীৰ ২২টা, এছচিৰ ৪৬টা, এছটিৰ ৬০টা আৰু অ’বিচিৰ ১১৮টা পদ সংৰক্ষিত থকাৰ উপৰি ১৭টা পদ দিব্যাংগ প্রার্থীৰ বাবে বিশেষভাৱে সংৰক্ষিত থাকিব৷ উক্ত পদসমূহ আই’চিএলৰ দেশৰ ভিন্ন প্রান্তত থকা মার্কেটিং ডিভিজনসমূহত পূৰণ কৰা হ’ব৷ খালী পদ পূৰণ হ’বলগীয়া শিতানসমূহ হৈছে– মেকানিকেল, ইলেক্ট্রিকেল, ইনষ্ট্রুমেণ্টেচন, চিভিল, ইলেক্ট্রিকেল এণ্ড ইলেক্ট্রনিক্স আৰু ইলেক্ট্রনিক্স৷ আবেদনকাৰীৰ বয়স ২৯ ফেব্রুৱাৰী ২০২০লৈ ১৮–২৪ বছৰৰ ভিতৰত হ’ব লাগিব৷ বয়সৰ এই সীমাত সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে বিধিগত ৰেহাই লাভ কৰিব৷ ইচ্ছুকসকলে আবেদনৰ পূর্বে নিজৰ নাম শিক্ষা নবিচ প’র্টেলhttp://www.apprenticeship.gov.in/Pages/Apprenticeship/home.aspxত পঞ্জীয়নভুক্ত কৰিব লাগিব৷ আগ্রহীসকলে বিজ্ঞাপন বিষয়ক বিশদ বিৱৰণৰ লগতে পদৰ বাবে থাকিবলগীয়া শৈক্ষিক অর্হতাকে ধৰি অন্যান্য চর্তাৱলী আৰু অনলাইনযোগে আবেদন দাখিলৰ বাবে বিভাগীয় ৱেবছাইট http://www.iocl.com/PeopleCareers/Apprenticeships.aspx লগ–ইন কৰিব পাৰে৷ আবেদন দাখিলৰ অন্তিম তাৰিখ ২০ মার্চ ২০২০৷