নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আছাম ইলেক্ট্ৰ’নিক্স ডেভেলপমেণ্ট কৰ্প’ৰেচনত ৩৫ চাকৰি

আছাম ইলেক্ট্র’নিক্স ডেভেলপমেণ্ট কর্প’ৰেচন লিমিটেডত (এমট্রন) খালী হৈছে ৩৫টা পদ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি পৰিচালন সঞ্চালকে এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ তথ্য অনুসৰি খালী পদসমূহৰ ভিতৰত আছে– প্রজেক্ট মেনেজাৰ–ষ্টেট হেডকোৱার্টাৰ (১), জুনিয়ৰ প্রজেক্ট মেনেজাৰ–ষ্টেট হেডকোৱার্টাৰ (১) আৰু টেকনিকেল ছাপ’ট ষ্টাফ (৩৩)ৰ পদ৷ উল্লিখিত পদ অনুযায়ী প্রার্থী ক্রমে বিই/বি.টেক/এমচিএ, বিএছচি/বিচিএ, গ্রেজুৱেট–কম্পিউটাৰ হোৱাৰ উপৰিও সংশ্লিষ্ট খণ্ডত ৫, ৩, ২ বছৰীয়া কর্ম অভিজ্ঞতা থকা হ’ব লাগিব৷ দৰমহাৰ নিৰিখ ক্রমে মাহে ৮৪,৮৮৩ টকা, ৪৮,৫০০ টকা আৰু ৩০,৩০৯ টকা আৰু অন্যান্য ভাট্টা৷ আগ্রহীসকলে নিযুক্তি সম্পর্কীয় বিশদ বিৱৰণৰ লগতে অনলাইনযোগে আবেদন দাখিল কৰিবলৈ বিভাগীয় ৱেবছাইটwww.amtron.in লগ–ইন কৰিব পাৰে৷ আবেদন দাখিলৰ অন্তিম তাৰিখ ১৭ জানুৱাৰী ২০২০৷

You might also like