নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আত্মবিশ্বাস বঢ়োৱাৰ কেইটামান উপায়

বসন্ত গগৈ
কেৰিয়াৰ কাউন্সিলৰ আৰু প্ৰশিক্ষক , যুৱ দক্ষতা

সদায়ে ছাত্র–ছাত্রীক কোৱা যায় যে আত্মবিশ্বাস ৰাখা, সকলো ঠিক হৈ যাব৷ কিন্তু আত্মবিশ্বাসনো কি আৰু তাক কেনেকৈ আহৰণ কৰিব লাগে– তাক কোৱা নাযায়৷ আপুনি ইংৰাজী বিষয়টোত খুব ভাল৷ গতিকে ইংৰাজী পৰীক্ষাৰ দিনা আপুনি বুকু ফিন্দাই পৰীক্ষা দিবলৈ যায়৷ কিন্তু অংকৰ পৰীক্ষা দিবলৈ আপুনি ভয় খায়৷ অর্থাৎ ইংৰাজীৰ দিনা আপোনাৰ আত্মবিশ্বাস প্রবল৷ এই আত্মবিশ্বাস ক’ৰ পৰা আহিল? বিষয়বস্তুটোৰ প্রতি ৰাপ আছে আৰু তাক অধ্যয়ন কৰি ভাল পায় আৰু সেইমতে ৰিজাল্ট ভাল কৰে৷ আনহাতে অংকত আপোনাৰinterest নাই, গতিকে অধ্যয়ন কৰিও বেয়া পায়৷ সেয়ে হয়তো ৰিজাল্ট ভাল কৰিবলৈ অধিক কষ্ট কৰিব লগা হয়৷ এইক্ষেত্রত আপোনাৰ আত্মবিশ্বাস কম৷ এতিয়া কথাটো হ’ল ইংৰাজী আপোনাৰStrength আৰু ইয়াৰ ওপৰতFocus কৰক আৰু অধিক চর্চা কৰি এই বিষয়কেন্দ্রিক এটাCareer গঢ়ি লওক৷ যিহেতু পৰীক্ষাতPercentage ভাল হ’ব লাগিব, সেই দৃষ্টিৰ পৰা অংকত ধ্যান দিয়ক৷ ঠিক তেনেদৰে ইংৰাজীত কথা ক’ব নোৱাৰে, কিন্তু হিন্দীত ক’ব পাৰে আৰু ভালকৈ চর্চা কৰি হিন্দী ভালকৈ কওক আৰুConfidence দেখুওৱাক৷
গতিকেSelf Confidence থকা বুলিলে মই বুজোঁ যে এজন মানুহৰ এটা বিশেষ বিষয়ৰ ওপৰত পাৰদর্শিতা আছে আৰু সেই বিষয়ৰ কথা আহিলেই তেওঁ অতি পাৰদর্শিতাৰে আৰু অনায়াসে কামটো কৰিব পাৰে বা কথা ক’ব পাৰে আৰু অন্য মানুহে তেওঁক সহজতে বিশ্বাসত লয়৷Having faith in yourself is all about knowing your limit first. You need to know what you are good at and what you are not.
আনহাতে অন্য এবিধ আত্মবিশ্বাসী লোক দেখা পোৱা যায়, যিসকলে যিকোনো পৰিৱেশত বা যিকোনো সময়ত মানুহৰ লগত ভয় বা সংকোচ নোহোৱাকৈ প্রশ্ণ সুবিধ পাৰে, কথা সুধিব পাৰে আৰু আগুৱাই যাব পাৰে৷ সাধাৰণতেBroker, উকীল, অভিজ্ঞ অভিনেতা, আৰক্ষী, সঘনাই ভ্রমণ কৰি ফুৰা মানুহ, বহু মানুহৰ লগতinteraction কৰি থকা ব্যক্তিসকল এই শ্রেণীত পৰে৷ কোনো মানুহSelf Confidence লৈ জন্ম হোৱা নাই, কিন্তু কষ্ট আৰু ধৈর্যৰ মাজেৰে অপৰিসীমSelf Confidenceৰ অধিকাৰী হ’ব পাৰে৷Self Confidence বঢ়োৱাৰ কেইটামান উপায় হ’ল–
(১) অধ্যয়ন- আপুনি সদায়ে তেনে কিতাপ বাBiography পঢ়ক, যিক্ষেত্রত কৃতকার্য হ’ব বিচাৰে৷ গাড়ী চলাই থাকোঁতে বা পঢ়ি থাকোঁতেlow volumeত তেনেaudio book আৰুsong শুনিব পাৰে৷ উদাহৰণ হিচাপে আপুনি যদিEnglish Fluency বিচাৰে, তেনেEnglish News, English book বা ইংৰাজী চিনেমা বা সঘনাই ইংৰাজীত কথা কোৱা মানুহৰ সংগ লওক৷ ফলত আপোনাৰ ভিতৰত ইংৰাজী সম্বন্ধেPositive thought আৰুPersonality গঢ়ি উঠাৰ লগতেDepression বা অন্য অলাগতিয়াল ভাববোৰ নাইকিয়া হ’ব৷
(২)Avoid Comparision- নিজক আনৰ লগতে কেতিয়াও তুলনা নকৰিব, কাৰণ আপোনাৰ নিচিনা দ্বিতীয় এজন ব্যক্তি এই পৃথিৱীত ভগৱানে কেতিয়াও সৃষ্টি নকৰে৷ আপোনাক এটা বিশেষMission আৰুskill দি ভগৱানে পৃথিৱীলৈ পঠিয়াইছে৷ ফেচবুকত আপোনাৰ ফটো আনতকৈ বেয়া হৈছে, আপোনাৰ দৰমহা আনতকৈ কম আদি তুলনামূলক কথাবোৰ মনলৈ আহিলে আপোনাৰself esteem কমি যাব আৰু হতাশাত ভুগিব৷ ইংৰাজীত এষাৰ কথা আছে– ‘Don’t compare yourself to others; if you do so, you are insulting yourself’.

(৩)Physical Fitness- আজিৰ যুগতphysical fitness is not a just sign of good health but also an eligibility. সুস্থ শৰীৰ আৰু সুস্থ মন থাকিলেহে যিকোনো পৰিৱেশত আত্মবিশ্বাস সহজে জাগে আৰু অটুট থাকে৷Important occasions বাjob interview আদিত অধিকconfidence ৰে অৱতীর্ণ হোৱাত সহায় কৰে, যাক বহুতেfeel good factor বুলিও কয়৷
(৪)Avoid Comfort Zone-You become more confident person when you get out of your comfort zone. ইংৰাজী সেইদিনালৈকে ক’ব নোৱাৰিব, যিদিনালৈকেfear and hesitation লৈpractice নকৰিব৷ যিদিনাখন আপুনি সলসলীয়াকৈ ইংৰাজী ক’ব পাৰিব, সেইদিনাfear and hesitationক গালি পাৰিব৷ আত্মবিশ্বাস বঢ়াবৰ বাবে নতুন বস্তু চেষ্টা কৰিবই লাগিব৷ গতিকেSuccess and failureৰ কথা চিন্তা নকৰি কাম কৰি গৈ থাকিলে আত্মবিশ্বাস বাঢ়ি গৈ থাকিব৷
Faith can move mountain আমাৰ অকণমান কাটিলে তেজ ওলালে দুখ পাওঁ৷ কিন্তু অন্ধবিশ্বাসৰ বলি হৈ বহুত মানুহে ঈশ্বৰপ্রাপ্তিৰ বাবে নিজৰ দেহত নিজে আঘাত কৰে তথাপি দুখ নাপায়৷ এয়ে হৈছে বিশ্বাস৷Medical Scienceয়ে ভাল কৰিব নোৱাৰা বহু কেঞ্চাৰ ৰোগীয়ে নিজৰ আত্মবিশ্বাসৰ যোগেদি কেঞ্চাৰ জয় কৰাৰ বহু উদাহৰণ আছে৷
আত্মবিশ্বাস গঢ়িবৰ বাবেSuccess and failure দুয়োটাই দৰকাৰ৷ মনত ৰাখিব–Having faith in yourself comes from the realisation that you can always learn from something you don’t succeed. যিটো কাম বিজ্ঞানে কৰিব পৰা নাই সেইটো আত্মবিশ্বাসে কৰিব পাৰে আৰু সেয়েfaith healing ৰ জনপ্রিয়তা খুব বাঢ়িছে৷Failure and Successৰ মাজত থকাDividing Lineৰ নাম হ’ল আত্মবিশ্বাস৷ ভগৱানৰ ওপৰত বিশ্বাস ৰাখিলেই কাম সিদ্ধি নহ’ব, আমি কাম Action) কৰি যাব লাগিব আৰু তেতিয়াহে ভগৱানৰ প্রতি থকা সেই বিশ্বাস আত্মবিশ্বাসত পৰিণত হ’ব৷

You might also like