নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইলেক্ট্ৰনিক্স, তথ্য-প্ৰযুক্তি বিভাগত ১৪ পদ

১২ জানুৱাৰীৰ ভিতৰত আবেদন আহ্বান

ভাৰত চৰকাৰৰ ইলেক্ট্রনিক্স আৰু তথ্য–প্রযুক্তি মন্ত্রালয়ৰ অধীনস্থ চেণ্টাৰ ফৰ ডেভেলপমেণ্ট অৱ এডভান্সড কম্পিউটিং বিভাগত খালী হৈছে ভিন্ন বর্গৰ ১৪টা পদ৷ প্রতিষ্ঠানটোৰ মানৱ সম্পদ বিভাগৰ বিষয়াই প্রকাশ কৰা বিজ্ঞাপনৰ তথ্য অনুসৰি খালী পদ পূৰণ হ’বলগীয়া বিভাগসমূহ হৈছে– চেণ্টাৰ হেড জইণ্ট ডাইৰেক্টৰ/এছ’চিয়েট ডাইৰেক্টৰ (২), মেনেজাৰ–এইচআৰ (৩), মেনেজাৰ–লীগেল (২), ছিনিয়ৰ এইচআৰডি অফিচাৰ (২), ছিনিয়ৰ লীগেল অফিচাৰ (২), পার্ছেজ অফিচাৰ (১) আৰু ফাইনেন্স অফিচাৰ (২)৷ উল্লিখিত পদ অনুযায়ী দৰমহাৰ নিৰিখ মাহে ১,২৩,১০০/১,৩১,১০০–২,১৫,৯০০/ ২,১৬,৬০০ টকা, ৭৮,৮০০–২,০৯,২০০ টকা, ৬৭,৭০০–২,০৮,৭০০ টকা, ৬৭,৭০০–২,০৮,৭০০ টকা, ৫৬,১০০–১,৭৭,৫০০ টকা, ৫৬,১০০–১,৭৭,৫০০ টকা৷ আগ্রহীসকলে নিযুক্তি সম্পর্কীয় সবিশেষ তথ্যৰ লগতে শৈক্ষিক অর্হতা, অভিজ্ঞতা বয়স, মাচুল পৰিশোধ প্রক্রিয়াকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈ বিভাগীয় ৱেবছাইটhttps://www.cdac.in লগ–ইন কৰিব পাৰে৷ আবেদন দাখিলৰ অন্তিম তাৰিখ ১২ জানুৱাৰী ২০২০৷

You might also like