নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এছবিআইত স্পেচিয়েলিষ্টৰ ১০০ পদৰ বিজ্ঞাপন

দেশৰ বৃহত্তম বিত্তীয় প্রতিষ্ঠান এছবিআইত খালী হৈছে স্পেচিয়েলিষ্ট কেডাৰ অফিচাৰৰ ১০০ পদ৷ অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন আহ্বান কৰি কেন্দ্রীয় নিযুক্তি ব’ডৰ মহাপ্রবন্ধকে এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ বিজ্ঞাপনৰ তথ্য অনুসৰি, খালী পদসমূহৰ ভিতৰত আছে– এইচ আৰ স্পেচিয়েলিষ্ট–ৰিক্রুইট্ (১), মেনেজাৰ–ডাটা ছাইণ্টিষ্ট (১০), ডেপুটী মেনেজাৰ–ডাটা ছাইণ্টিষ্ট (১০), ডেপুটী মেনেজাৰ–ছিষ্টেম অফিচাৰ (৫) আৰু ডেপুটী মেনেজাৰ–ল (৪৫)ৰ পদ৷ আবেদনকাৰী এমবিএ/পিজিডিএম, বিটেক/এমটেক, এমবিএ/পিজিডিএম আৰু আইনৰ ডিগ্রীধাৰী হোৱাৰ উপৰি সংশ্লিষ্ট খণ্ডত ৩–৭
ছৰীয়া কর্ম অভিজ্ঞতা থকা হ’ব লাগিব৷ বয়স ২০–৪৫ বছৰৰ ভিতৰত হ’ব লাগিব৷ বয়সৰ ঊর্ধ্বসীমাত সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে ৰেহাই লাভ কৰিব৷ এইচআৰ স্পেচিয়েলিষ্ট আৰু মেনেজাৰ পদৰ দৰমহাৰ নিৰিখ মাহে ৪২,০২০–৫১,৪৯০ টকা আৰু ডেপুটী মেনেজাৰৰ দৰমহাৰ নিৰিখ মাহে ৩১,৭০৫–৪৫,৯৫০ টকা৷ মুঠ খালী পদৰ ভিতৰত ৪টা পদ গুৱাহাটীত পূৰণ কৰা হ’ব৷ আগ্রহীসকলে নিযুক্তি সম্পর্কীয় সবিশেষ তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলীকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈ বিভাগীয় ৱেবছাইটhttps://www.sbi.co.in/careers লগ–ইন কৰিব পাৰে৷ আবেদন গ্রহণৰ অন্তিম তাৰিখ ১২ ফেব্রুৱাৰী, ২০২০৷

You might also like