নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এবিচিআই ইনফ্ৰাষ্ট্ৰাকচৰাত নিযুক্তিৰ সুযোগ

দেশৰ ৰাজপথ, অট্টালিকা, সুৰংগ, দলঙকে ধৰি আন্তঃৰাষ্ট্রীয় সীমাত বেৰ দিয়া কামৰ সৈতে জড়িত অন্যতম নির্মাণকাৰী কোম্পানী এবিচিআই ইনফ্রাষ্ট্রাকচাৰ প্রাইভেট লিমিটেডত খালী হৈছে ইঞ্জিনীয়াৰৰ কেইবাটাও পদ৷ বিজ্ঞাপনৰ তথ্য অনুসৰি পদসমূহ কোম্পানীটোৰ চিভিল আৰু মেকানিকেল বিভাগত পূৰণ কৰা হ’ব৷ ছিনিয়ৰ চাইট ইঞ্জিনীয়াৰ পদৰ প্রার্থী চিভিল/মেকানিকেল বিষয়ত বিই/বি.টেক আৰু সংশ্লিষ্ট খণ্ডত ৫ বছৰ কাম কৰাৰ অভিজ্ঞতা থকা হ’ব লাগিব৷ আনহাতে ছাইট ইঞ্জিনীয়াৰ পদৰ প্রার্থী চিভিল/মেকানিকেল ইঞ্জিনীয়াৰিং বিষয়ৰ ডিপ্ল’মাধাৰী হোৱাৰ উপৰি সংশ্লিষ্ট খণ্ডত ৫ বছৰীয়া কর্ম অভিজ্ঞতা থকা হ’ব লাগিব৷ নিযুক্তিপ্রাপ্তই আকর্ষণীয় দৰমহা লাভ কৰিব৷ আগ্রহীসকলে যথাসম্ভৱ শীঘ্রে নিজৰ শেহতীয়া বায়োডাটা ই–মেইল[email protected] যোগে প্রেৰণ কৰিব পাৰে৷ আবেদন প্রেৰণৰ অন্তিম দিন ২০ জানুৱাৰী ২০২০৷

You might also like