নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এৰিয়াছ ছ’চাইটীত ৩৫ পদৰ বিজ্ঞাপন

অসম চৰকাৰৰ অধীনস্থ এটি স্বতন্ত্র সংস্থা এৰিয়াছ ছ’চাইটী, অর্থাৎ অসম গ্রামীণ আন্তঃগাঁথনি আৰু কৃষিজাত সেৱা সমাজত খালী হৈছে ৩৫টা পদ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি এৰিয়াছৰ ৰাজ্যিক প্রকল্প সঞ্চালকে এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ বিজ্ঞাপনৰ তথ্য অনুসৰি খালী পদসমূহৰ ভিতৰত আছে– এণ্টাৰপ্রাইজ ক্লাষ্টাৰ স্পেচিয়েলিষ্ট ১টা ঃ প্রার্থী এগ্রি বিজনেছ/এগ্রি বিজনেছ মেনেজমেণ্ট/এগ্রিকালচাৰেল ইকন’মিক্সৰ স্নাতকোত্তৰ/পোষ্ট গ্রেজুৱেট ডিপ্ল’মাধাৰী আৰু সংশ্লিষ্ট খণ্ডত অতি কমেও ৭ বছৰীয়া কর্ম অভিজ্ঞতা থকা হ’ব লাগিব৷ আবেদনকাৰীৰ বয়স সর্বোচ্চ ৫০ বছৰ৷ দৰমহাৰ নিৰিখ বছৰি ১১.৪০–২৫.৮০ লাখ টকা৷ পোষ্ট হার্ভেষ্ট মেনেজমেণ্ট স্পেচিয়েলিষ্ট ১টাঃ প্রার্থী এগ্রিকালচাৰ/হর্টিকালচাৰ/পোষ্ট হার্ভেষ্ট টেকন’লজী/ফুড এণ্ড নিউট্রিচন/ফুড ছায়েন্স বিষয়ত স্নাতকোত্তৰ/পোষ্ট গ্রেজুৱেট ডিপ্ল’মাধাৰী হোৱাৰ উপৰি সংশ্লিষ্ট খণ্ডত ১১ বছৰীয়া কর্ম অভিজ্ঞতা থকা হ’ব লাগিব৷ আবেদনকাৰীৰ বয়স সর্বোচ্চ ৫০ বছৰ৷ দৰমহাৰ নিৰিখ বছৰি ১১.৪০–২৫.৮০ লাখ টকা৷ ডিষ্ট্রিক্ট এগ্রিকালচাৰ মার্কেটিং কো–র্ডিনেটৰ ১২টাঃ প্রার্থী এগ্রিকালচাৰ/এলাইড ছায়েন্স বিষয়ত স্নাতক ডিগ্রীধাৰী আৰু সংশ্লিষ্ট খণ্ডত ৫ বছৰীয়া কর্ম অভিজ্ঞতা থকাৰ উপৰিও কম্পিউটাৰ পৰিচালনাত দক্ষ হ’ব লাগিব৷ বয়স সর্বোচ্চ ৪৫ বছৰ৷ দৰমহাৰ নিৰিখ বছৰি ৬.৬০–১০.৮০ লাখ টকা৷ এম আই এছ অপাৰেটৰ ৭টা ঃ প্রার্থী বিজ্ঞানৰ স্নাতক/বিটেক/বিচিএ হোৱাৰ উপৰিও ৪ বছৰীয়া কর্ম অভিজ্ঞতা থকাৰ লগতে কম্পিউটাৰৰ জ্ঞান থকা হ’ব লাগিব৷ বয়স সর্বোচ্চ ৩৫ বছৰ৷ দৰমহাৰ নিৰিখ বছৰি ৪.২০ লাখ টকা৷ শেষত অফিচ এছিছটেণ্ট ১৪টাঃ প্রার্থী স্নাতক ডিগ্রীধাৰী আৰু সংশ্লিষ্ট খণ্ডত ২ বছৰীয়া কর্ম অভিজ্ঞতা থকা হ’ব লাগিব৷ বয়স সর্বোচ্চ ৩৫ বছৰ৷ দৰমহাৰ নিৰিখ বছৰি ৩.২০ লাখ টকা৷ আগ্রহীসকলে নিযুক্তি সম্পর্কীয় সবিশেষ তথ্যৰ লগতে নির্ধাৰিত আবেদন প্র–পত্র ডাউনলোড কৰিবলৈ এৰিয়াছৰ ৱেবছাইটwww.arias.in লগ–ইন কৰিব পাৰে৷ যাৱতীয় নথি–পত্রৰ প্রত্যায়িত প্রতিলিপিসহ আবেদন’State Project Director, ARIAS Society, Agriculture Complex, Khanapara, Guwahati-22, Assam’ ঠিকনালৈ প্রেৰণ কৰিব লাগিব৷ আবেদনৰ ছফ্ট কপী ই–মেইল[email protected] যোগে প্রেৰণ কৰাটো বাঞ্ছনীয়৷ আবেদন দাখিলৰ অন্তিম দিন ২ মার্চ ২০২০৷

You might also like