নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এৰিয়াছ ছ’চাইটীত ৪২ পদ খালী

এৰিয়াছ ছ’চাইটী অর্থাৎ অসম গ্রামীণ আন্তঃগাঁথনি আৰু কৃষিজাত সেৱা সমাজত মুকলি হৈছে একাধিক পদ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি এৰিয়াছৰ ৰাজ্যিক প্রকল্প সঞ্চালকে এক বিজ্ঞাপন প্রকাশ কৰিছে৷ তথ্য অনুসৰি খালী পদসমূহৰ ভিতৰত আছে– ট্রেইনিং এণ্ড কেপাচিটী বিল্ডিং স্পেচিয়েলিষ্ট ১টা, বিজনেছ প্রচেছ ৰিইঞ্জিনীয়াৰিং এক্সপার্ট ৩টা, ডিষ্ট্রিক্ট হর্টিকালচাৰ কো–র্ডিনেটৰ ৭টা, হর্টিকালচাৰ স্পেচিয়েলিষ্ট ১টা, ফাইনেন্সিয়েল ইক্লুজন স্পেচিয়েলিষ্ট ২টা, জুনিয়ৰ এমআইএছ স্পেচিয়েলিষ্ট ১টা, এগ্রিকালচাৰ মার্কেটিং এক্সপার্ট ১টা, ডিষ্ট্রিক্ট ছ’চিয়েল ছেক্টৰ কো–র্ডিনেটৰ ১২টা, ডিষ্ট্রিক্ট এনভাইৰনমেণ্ট কো–র্ডিনেটৰ ৯টা, ডিষ্ট্রিক্ট একাউণ্টছ মেনেজাৰ ৪টা আৰু ডেইৰী ভেল্যু চেইন এক্সপার্ট ১টা৷ প্রার্থী বাছনি সাক্ষাৎকাৰৰ মাধ্যমেৰে কৰা হ’ব৷ উল্লিখিত পদ অনুযায়ী দৰমহাৰ নিৰিখ ক্রমে বছৰি ৬.৫০–১৯.২০ লাখ টকা, ৬.৬০–১০.৮০ লাখ টকা, ৪.৮০–৬.০০ লাখ টকা, ৬.৬০–১৯.২০ লাখ টকা, ৬.৬০–১৯.২০ লাখ টকা, ৬.৬০–৭.২০ লাখ টকা, ৬.০০–১২.০০ লাখ টকা, ৪.২০ লাখ টকা, ৪.২০ লাখ টকা, ৪.২০ লাখ টকা আৰু ৬.৬০–১২.০০ লাখ টকা৷ সাক্ষাৎকাৰ ১০, ১১, ১২, ১৩, ১৪, ১৫ আৰু ১৭ ফেব্রুৱাৰী ২০২০ তাৰিখে ১০.৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব৷ সাক্ষাৎকাৰৰ স্থান–ARIAS Society, Agriculture Campus, Khanapara, GS Road, Guwahati-22৷ নিযুক্তি সম্পর্কীয় বিশদ বিৱৰণৰ বাবে ৱেবছাইট http://www.arias.in/career.html লগ–ইন কৰিব পাৰে।

You might also like