নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাৰিকৰী শিক্ষা সঞ্চালকালয়ত ৮৭ পদ

অসম চৰকাৰৰ উচ্চতৰ শিক্ষা বিভাগৰ অধীনস্থ কাৰিকৰী শিক্ষা সঞ্চালকালয়ত মুকলি হৈছে চাকৰি লাভৰ সুযোগ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি সঞ্চালকে এক বিস্তৃত নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ বিজ্ঞাপনৰ তথ্য অনুসৰি ধেমাজি অভিযান্ত্রিক মহাবিদ্যালয়ত অচিৰেই ভিন্ন বর্গত ৮৭ পদত প্রার্থী নিয়োগ কৰা হ’ব৷ খালী পদসমূহৰ ভিতৰত গ্রেড ৪ৰ (বীয়েৰাৰ, পিয়ন, চকীদাৰ, যোগালী, মালী) ৩০টাঃ প্রার্থীৰ নূ্যনতম শৈক্ষিক অর্হতা অষ্টম শ্রেণী৷ ইয়াৰে ১২টা অসংৰক্ষিত, ৮টা অ’বিচি, এছ চিৰ ২টা, এছ টি–পিৰ ৩টা, এছ টি–এইচৰ ২টা আৰু আর্থিকভাৱে দুর্বল শ্রেণীৰ বাবে ৩টা পদ সংৰক্ষিত থাকিব৷ দৰমহাৰ নিৰিখ মাহে ১২,০০০–৫২,০০০ টকাসহ ৩,৯০০ টকাৰ গ্রেড পে৷ জুনিয়ৰ এছিছটেণ্ট ৮টাঃ প্রার্থী স্নাতক ডিগ্রীধাৰী আৰু কম্পিউটাৰ এপ্লিকেচনত ডিপ্ল’মাধাৰী হ’ব লাগিব৷ দৰমহাৰ নিৰিখ মাহে ১৪,০০০–৬০,৫০০ টকাসহ ৬,২০০ টকা গ্রেড পে৷ জুনিয়ৰ ইনষ্ট্র্রাক্টৰ ১৪টাঃ প্রার্থী দশম শ্রেণী উত্তীর্ণ আৰু আই টি আইৰ প্রমাণ–পত্রধাৰী হোৱা হ’ব লাগিব৷ দৰমহাৰ নিৰিখ মাহে ১৪,০০০–৬০,৫০০ টকাসহ ৬,৮০০ টকাৰ গ্রেড পে৷ ছাইণ্টিফিক এছিছটেণ্ট ২টাঃ প্রার্থী বিজ্ঞানৰ স্নাতক ডিগ্রীধাৰী হ’ব লাগিব৷ ইয়াৰ উপৰি প্রার্থীয়ে পদার্থ বিজ্ঞান আৰু ৰসায়ন বিজ্ঞান বিষয়ত জ্ঞান থকাটো জৰুৰী৷ দৰমহাৰ নিৰিখ মাহে ১৪,০০০–৬০,৫০০ টকাসহ ৭,৪০০ টকা গ্রেড পে৷ এছিছটেণ্ট প্রফেছৰ–টেকনিকেল ১৯টা, এছিছটেণ্ট প্রফেছৰ–নন–টেকন্ ৯টা আৰু ছিনিয়ৰ ইনষ্ট্রাক্টৰৰ ৬টা পদ৷ উল্লিখিত তিনি পদৰ দৰমহাৰ নিৰিখ ক্রমে ৫৭,৭০০–১,৮২,৪০০ টকা, ৫৭,৭০০–১,৮২,৪০০ টকা আৰু ১৪,০০০–৪৯,০০০ টকাসহ ৮,৭০০ টকাৰ গ্রেড পে৷ বয়স ১ জানুৱাৰী ২০২০লৈ ১৮–৩৮ বছৰ৷ বয়সৰ এই সীমা সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে ৰেহাই লাভ কৰিব৷ আগ্রহীসকলে নিযুক্তি সম্পর্কে সবিশেষ তথ্যৰ লগত পদৰ বাবে থাকিবলগীয়া শৈক্ষিক অর্হতা–ভিজ্ঞতা, অন্যান্য চর্তাৱলীকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈ বিভাগীয় ৱেবছাইটwww.dte.assam.gov.in লগ–ইন কৰিব পাৰে৷ আবেদন দাখিলৰ অন্তিম তাৰিখ ৩ মার্চ ২০২০৷

You might also like