নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক্রীড়া–যুৱ কল্যাণ সঞ্চালকালয়ত ৩১ পদ খালী

গুৱাহাটীৰ দিছপুৰস্থিত ক্রীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ত মুকলি হৈছে চাকৰি লাভৰ সুযোগ৷ অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন আহ্বান কৰি সঞ্চালকে এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি, খালী পদসমূহৰ ভিতৰত আছে– ছাব ডিভিজনেল স্পোর্টছ অফিচাৰ ১টাঃ প্রার্থী যিকোনো শাখাৰ স্নাতক ডিগ্রীধাৰী হোৱাৰ উপৰিও শাৰীৰিক শিক্ষা বিষয়ত ডিপ্ল’মাধাৰী হ’ব লাগিব৷ দৰমহাৰ নিৰিখ ২২,০০০–৮৭,০০০ টকাসহ ৯,৪০০ টকাৰ গ্রেড পে৷ ফিজিকেল ইন্সট্রাক্টৰ ২৫টাঃ প্রার্থীৰ শৈক্ষিক অর্হতা পূর্বৰ পদটোৰ অনুৰূপ৷ দৰমহাৰ নিৰিখ ১৪,০০০–৪৯,০০০ টকাসহ ৮,৭০০ টকাৰ গ্রেড পে৷ জুনিয়ৰ এছিছটেণ্ট ২টাঃ প্রার্থী যিকোনো শাখাৰ স্নাতক ডিগ্রীধাৰী আৰু কম্পিউটাৰ এপ্লিকেচনৰ এবছৰীয়া ডিপ্ল’মাধাৰী হোৱাৰ উপৰিও ডিটিপি, এক্সেল, ৱর্ড, পাৱাৰপইণ্ট প্রেজেণ্টেচন আৰু ইণ্টাৰনেট সম্পর্কীয় জ্ঞান থকা জৰুৰী৷ দৰমহাৰ নিৰিখ ১৪,০০০–৪৯,০০০ টকাসহ ৬,২০০ টকাৰ গ্রেড পে৷ কোচ্ছ ৩টাঃ প্রার্থী যিকোনো শাখাৰ স্নাতক ডিগ্রীধাৰী আৰু স্পোর্টছ কোচ্ছিঙৰ ডিপ্ল’মাধাৰী হ’ব লাগিব৷ দৰমহাৰ নিৰিখ ১৪,০০০–৪৯,০০০ টকাসহ ৮,৭০০ টকাৰ গ্রেড পে৷ বয়স ১ জানুৱাৰী ২০২০লৈ ২১–৩৮ বছৰ৷ বয়সৰ এই সীমাত সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে ৰেহাই লাভ কৰিব৷ আগ্রহীসকলে যাৱতীয় নথি–পত্রৰ প্রত্যায়িত প্রতিলিপিসহ ৩ কপী পাৰপত্র আকাৰৰ ফটো আবেদনৰ সৈতে গাঁথি’O/o Director of Sports & Youth Welfare, Assam, Rudra Singha Sports Complex, Super Market, Dispur, Guwahati-06′ ঠিকনালৈ প্রেৰণ কৰিব লাগিব৷ উল্লেখ্য যে আবেদনৰ লগত ৫ টকীয়া ডাক টিকট লগোৱা স্বনাম–ঠিকনাযুক্ত এটি অতিৰিক্ত খাম পঠোৱাটো বাধ্যতামূলক৷ আবেদন গ্রহণৰ অন্তিম দিন ১৫ ফেব্রুৱাৰী ২০২০

You might also like