খাদী-গ্ৰামোদ্যোগ আয়োগত ১০৮ পদ
ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্যোগ মন্ত্রালয়ৰ অধীনস্থ খাদী আৰু গ্রামোদ্যোগ আয়োগত খালী হৈছে ১০৮সংখ্যক এগজিকিউটিভৰ পদ৷ বিভাগীয় কর্তৃপক্ষই প্রকাশ কৰা বিজ্ঞাপনৰ তথ্য অনুসৰি, খালী পদ পূৰণ হ’বলগীয়া বিভাগসমূহ হৈছে– ছিনিয়ৰ এগজিকিউটিভ–ইকন’মিক ৰিছার্চ (২), এগজিকিউটিভ–ভিলেজ ইণ্ডাষ্ট্রিজ (৫৬), এগজিকিউটিভ–খাদী (৬), জুনিয়ৰ এগজিকিউটিভ–এফবিএ (৩), জুনিয়ৰ এগজিকিউটিভ–এডমিন্ এণ্ড এইচআৰ (১৫), এছিছটেণ্ট–ভিলেজ ইণ্ডাষ্ট্রিজ (১৫), এছিছটেণ্ট–খাদী (৮) আৰু এছিছটেণ্ট–ট্রেইনীং (৩)৷ আবেদনকাৰী স্নাতক/স্নাতকোত্তৰ/পোষ্ট গ্রেজুৱেট ডিগ্রীধাৰী/ডিপ্ল’মাধাৰী হ’ব লাগিব৷ বয়স ১৯ জানুৱাৰী, ২০২০লৈ ২৭–৩০ বছৰৰ ভিতৰত হ’ব লাগিব৷ আবেদন মাচুল হিচাপে ১,০০০ টকা অনলাইন মাধ্যমেৰে খাদী আৰু গ্রামোদ্যোগ আয়োগৰ হকে পৰিশোধ কৰিব লাগিব৷ ইচ্ছুকসকলে নিযুক্তি সম্পর্কীয় বিশদ বিৱৰণৰ লগতে অনলাইনযোগে আবেদন দাখিল কৰিবলৈ ৱেবছাইটwww.kvic.org.in লগ–ইন কৰিব পাৰে৷ অনলাইনযোগে আবেদন দাখিলৰ অন্তিম তাৰিখ ১৯ জানুৱাৰী, ২০২০৷