নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জলসিঞ্চন বিভাগত ৬৪৩ পদ

অসম চৰকাৰৰ জলসিঞ্চন বিভাগত খালী হৈছে ভিন্ন বর্গৰ মুঠ ৬৪৩টা পদ৷ অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন আহ্বান কৰি বিভাগীয় মুখ্য অভিযন্তাই এক নিয়োগ বিজ্ঞাপন সংবাদ–পত্রত প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি খালী পদসমূহৰ ভিতৰত আছে– ছাব–র্ডিনেট ইঞ্জিনীয়াৰ–চিভিল (২১), ছাব–র্ডিনেট ইঞ্জিনীয়াৰ–মেকানিকেল্ (১), জুনিয়ৰ এছিছটেণ্ট–এইচ’ডি (২৩), জুনিয়ৰ এছিছটেণ্ট–ডিষ্ট্রিক্ট লেভেল (১৫৯),ছক্সন এছিছটেণ্ট (৩৯৭), পাৱাৰ পাম্প অপাৰেটৰ (৪১) আৰু প্রাইমাৰী ইনভেষ্টিগেটৰ (১)৷ উল্লিখিত পদ অনুযায়ী দৰমহাৰ নিৰিখ মাহে ১৪,০০০–৬০,৫০০ টকাসহ ৬৮০০/৬৮০০/৬২০০/ ৬২০০/৫৬০০/ ৫০০০/৬২০০ টকাৰ গ্রেড পে’৷ প্রার্থীৰ বয়স ১ জানুৱাৰী, ২০২০লৈ ১৮–৩৮ বছৰৰ ভিতৰত হ’ব লাগিব৷ অৱশ্যে বয়সৰ ঊর্ধ্বসীমাত সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে বিধিগত ৰেহাই লাভ কৰিব৷ আগ্রহীসকলে নিযুক্তি সম্পর্কীয় বিশদ বিৱৰণৰ লগতে পদৰ বাবে থাকিবলগীয়া শৈক্ষিক অর্হতা, অভিজ্ঞতা, পৰীক্ষা পদ্ধতি, অন্যান্য চর্তাৱলীকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈ বিভাগীয় ৱেবছাইট https://irrigation.assam.gov.in লগ–ইন কৰিব পাৰে৷ আবেদন গ্রহণৰ অন্তিম দিন ৮ জানুৱাৰী, ২০২০৷

You might also like