জিএনআৰচিত স্বাস্থ্যমিত্রৰ ৫০,০০০ পদ খালী
উত্তৰ–পূর্বাঞ্চলত স্বাস্থ্য সেৱা আগবঢ়োৱা ব্যক্তিগত খণ্ডৰ এখন অন্যতম অগ্রণী আৰু আগশাৰীৰ চিকিৎসালয় জিএনআৰচি হাস্পতালত মুকলি হৈছে চাকৰি লাভৰ সুযোগ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি হাস্পতাল কর্তৃপক্ষই ‘নিয়মীয়া বার্তা’ কাকতত বিজ্ঞাপন প্রকাশ কৰিছে৷ তথ্য অনুসৰি জিএনআৰচি হাস্পতালৰ ব্যয়সাধ্য চিকিৎসা সেৱা আঁচনিৰ অধীনত সমূহীয়া স্বাস্থ্যকর্মী (স্বাস্থ্যমিত্র)ৰ মুঠ ৫০,০০০টা পদত প্রার্থীসকলক নিয়োগ কৰা হ’ব৷ সেৱাৰ মানসিকতা থকা, কষ্টসহিষ্ণু আৰু সামাজিক কামত আগ্রহী ব্যক্তিয়ে উক্ত পদৰ বাবে আবেদন কৰিব পাৰে৷ স্বাস্থ্যমিত্রসকলে প্রতিদিনে ওচৰ–চুবুৰীয়াৰ ঘৰলৈ গৈ ৰোগ নির্ণয়, ৰোগৰ লক্ষণ চিনাক্তকৰণৰ লগতে ৰোগীসকলক সুলভ মূল্যত চিকিৎসা লাভ কৰাৰ সুবিধা কৰি দিয়াৰ বাবে দায়বদ্ধ হ’ব লাগিব৷ ইচ্ছুকসকলে বিজ্ঞাপন বিষয়ক বিশদ তথ্যৰ লগতে নিযুক্তি সম্পর্কীয় অন্যান্য চর্তাৱলী, শৈক্ষিক অর্হতা আদি জানিবলৈ যথাসম্ভৱ শীঘ্রে ফোন নম্বৰ ০৩৬১–২৩২০৩০২, ০৩৬১–২৩২০৩০৩, ০৩৬১–২৩২০৩০৪, ০৩৬১–২৩২০৩০৫, ০৩৬১–২৩২০৩০৬, ০৩৬১–২৩২০৩০৭, ০৩৬১–২৩২০৩০৮, ০৩৬১–২৩২০৩০৯ত পোনপটীয়াকৈ যোগাযোগ কৰিব পাৰে৷