জীৱন বীমা নিগমত ২১৮ পদৰ বিজ্ঞাপন
ভাৰত চৰকাৰৰ অধীনস্থ দেশৰ বৃহত্তম বীমা কোম্পানী ভাৰতীয় জীৱন বীমা লিমিটেডত মুকলি হৈছে চাকৰি লাভৰ সুযোগ৷ অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন আহ্বান কৰি কোম্পানীটোৰ সহকাৰী সঞ্চালক এক বিস্তৃত নিয়োগ বিজ্ঞাপন সংবাদ পত্রত প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি সহকাৰী অভিযন্তাৰ ৫০ পদ পূৰণ হ’বলগীয়া বিভাগসমূহ হৈছে– চিভিল (২৯), ইলেক্ট্রিকেল (১০), আর্কিটেক্ট (৪) ষ্ট্রাকচাৰেল (৪) আৰু ইলেক্ট্রিকেল/ মেকানিকেল–এমইপি ইঞ্জিনীয়ার্ছ (৩)৷ আনহাতে সহকাৰী প্রশাসনিক বিষয়া ১৬৮ পদ পূৰণ হ’বলগীয়া বিভাগসমূহ হৈছে– চিএ (৪০), এক্ট’ৰিয়েল (৩০), লীগেল (৪০), ৰাজভাষা (৮) আৰু আই টি (৫০)৷ সহকাৰী অভিযন্তা পদৰ প্রার্থী ক্রমে চিভিল/ ইলেক্ট্রিকেল/মেকানিকেল বিষয়ৰ বি ই/ বি টেক ডিগ্রীধাৰী, আর্কিটেক্ট বিষয়ৰ স্নাতক ডিগ্রীধাৰী, ষ্ট্রাকচাৰেল বিষয়ত এম ই এম টেক ডিগ্রীধাৰী হ’ব লাগিব৷ আনহাতে সহকাৰী প্রশাসনিক বিষয়া পদৰ বাবে প্রার্থী বাণিজ্যৰ স্নাতক ডিগ্রীধাৰী আৰু চি এ, স্নাতক ডিগ্রীধাৰী, আইনৰ স্নাতক, হিন্দী/ইংৰাজী বিষয়াৰ স্নাতকোত্তৰ ডিগ্রীধাৰী আৰু এম চি এ/এম এছ চি উত্তীর্ণ হোৱা হ’ব লাগিব৷ আবেদনকাৰীৰ বয়স ১ ফেব্রুৱাৰী ২০২০ত ২১–৩০ বছৰ৷ বয়সৰ ঊর্ধ্বসীমা সংৰক্ষিত শ্রেণীৰ প্রার্থীৰ বাবে চৰকাৰী বিধিগত ৰেহাই লাভ কৰিব৷ দৰমহাৰ নিৰিখ ৩২,৭৯৫–৫৭,০০০ টকা৷ আবেদন মাচুল হিচাপে এছ চি, এছ টি আৰু দিব্যাংগ শ্রেণীৰ প্রার্থীয়ে ৮৫ টকা পৰিশোধ কৰাৰ বিপৰীতে অন্যান্য শ্রেণীৰ প্রার্থীয়ে ৭০০ টকা এল আই চিৰ হকে পৰিশোধ কৰিব লাগিব৷ এই মাচুল অপ্রতিদেয়৷ আগ্রহীসকলে বিজ্ঞাপন বিষয়ক বিশদ বিৱৰণৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলী আৰু অনলাইনযোগে আবেদন দাখিল কৰিবলৈ ৱেবছাইটwww.licindia.in লগ–ইন কৰিব পাৰে৷ আবেদন দাখিলৰ অন্তিম তাৰিখ ১৫ মার্চ ২০২০৷