নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টিংখাং মহাবিদ্যালয়ত অধ্যাপকৰ ৩ পদ

ডিব্রুগড় জিলাৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান টিংখা মহাবিদ্যালয়ত খালী হৈছে সহকাৰী অধ্যাপকৰ ৩টা পদ৷ পদকেইটা ইংৰাজী (২) আৰু অর্থনীতি (১) বিভাগত পূৰণ কৰা হ’ব৷ নিযুক্তি সন্দর্ভত যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি মহাবিদ্যালয়খনৰ অধ্যক্ষই এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ প্রার্থী গড়ে ৫৫ শতাংশ নম্বৰেৰে সংশ্লিষ্ট বিষয়ত স্নাতকোত্তৰ ডিগ্রীধাৰী আৰু নেট/শ্লেট/ছেট উত্তীর্ণ নাইবা পিএইচডি ডিগ্রীধাৰী হ’ব লাগিব৷ বয়স ১ জানুৱাৰী ২০১৯লৈ সর্বোচ্চ ৩৮ বছৰ৷ বয়সৰ এই সীমাত সংৰক্ষিত শ্রেণীয়ে বিধিগত ৰেহাই লাভ কৰিব৷ ইয়াৰ উপৰি প্রার্থীৰ স্থায়ী বাসিন্দাৰ প্রমাণ–পত্র থকা আৰু স্থানীয় ভাষা জনা হ’ব লাগিব৷ আবেদন মাচুল হিচাপে ডিমাণ্ড ড্রাফটযোগে এছবিআইৰ টিংখাং শাখাত মহাবিদ্যালয়খনৰ অধ্যক্ষৰ হকে ২,০০০ টকা পৰিশোধ কৰিব লাগিব৷ আগ্রহীসকলে ৱেবছাইটhttps://www.tingkhongcollege.edu.inৰ পৰা নির্ধাৰিত আবেদন প্র–পত্র ডাউনলোড কৰি যাৱতীয় নথি–পত্রৰ সৈতে’Principal, Tingkhong College, PO- Tinhkhong, Dist-Dibrugarh, PIN-786614, Assam’ ঠিকনালৈ প্রেৰণ কৰিব লাগিব৷ আবেদন দাখিলৰ অন্তিম তাৰিখ ১৫ জানুৱাৰী ২০২০

You might also like