দন্ত চিকিৎসা মহাবিদ্যালয়ত ৰীডাৰৰ পদ
অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অধীনত পৰিচালিত দন্ত চিকিৎসা মহাবিদ্যালয়ত ৰীডাৰৰ ১০ পদ পূৰণৰ প্রস্তুতি চলিছে৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি চিকিৎসা আৰু স্বাস্থ্য নিযুক্তি ব’ডৰ অধ্যক্ষই এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ বিজ্ঞাপনৰ তথ্য অনুসৰি ৰিডাৰৰ পদ পূৰণ হ’বলগীয়া বিভাগসমূহ হৈছে–Prosthodontics, Crown and Bridge, Aesthetic Dentistry and Oral Implantology, Conservative Endodontic and Aesthetic Dentistry, Pathology, Micro Biology and Forensic Odontology, Oral and Maxillofacial Surgery and Oral Implantology৷ প্রার্থী বিডিএছৰ ডিগ্রীধাৰী আৰু সংশ্লিষ্ট খণ্ডত ৪ বছৰীয়া পাঠদানৰ অভিজ্ঞতা থকা হ’ব লাগিব৷ দৰমহাৰ নিৰিখ মাহে ১,৩১,৪০০–২,১৭,১০০ টকা৷ বয়স ১ জানুৱাৰী ২০১৯লৈ ২১–৩৮ বছৰ৷ বয়সৰ ঊর্ধ্বসীমাত সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে বিধিগত ৰেহাই লাভ কৰিব৷ আবেদন মাচুল হিচাপে সাধাৰণ শ্রেণীৰ প্রার্থীয়ে ২৫০ টকা পৰিশোধ কৰাৰ বিপৰীতে অন্যান্য শ্রেণীৰ প্রার্থীয়ে ১৫০ টকা ট্রেজাৰী চালানৰ মাধ্যমেৰে মেডিকেল এণ্ড হেল্থ ৰিক্রুইটমেণ্ট ব’ডৰ হকে পৰিশোধ কৰিব লাগিব৷ আগ্রহীসকলে বিজ্ঞাপন বিষয়ক বিশদ বিৱৰণৰ লগতে অনলাইনযোগে আবেদন দাখিল কৰিবলৈ বিভাগীয় ৱেবছাইটhttps://nhm.assam.gov.in লগ–ইন কৰিব পাৰে৷ আবেদন দাখিলৰ অন্তিম তাৰিখ ১০ জানুৱাৰী ২০২০৷