নুমলীগড় শোধনাগাৰত শিক্ষা নবিচৰ ১০১ পদ
ভাৰত পেট্র’লিয়াম আৰু অইল ইণ্ডিয়াৰ যৌথ পৰিচালনাত প্রতিষ্ঠিত নুমলীগড় শোধনাগাৰত খালী হৈছে শিক্ষা নবিচৰ ১০১ পদ৷ ইতিমধ্যে এই বিষয়ে নুমলীগড় শোধানাগাৰৰ মানৱ সম্পদ বিভাগৰ মহাপ্রবন্ধকে এক বিস্তৃত নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি ডিপ্ল’মাধাৰী (৩৪), আইটিআই(২৭), এলএলবি (৪), হোটেল মেনেজমেণ্ট (৪), বি কম (১২), বি এ/ এম এ (২), বি এছ চি (১৬) আৰু এম বি এ–মার্কেটিং (২)ৰ প্রার্থী নিয়োগ কৰা হ’ব৷ আবেদনকাৰী সংশ্লিষ্ট বিভাগত ডিপ্ল’মাধাৰী, স্নাতক ডিগ্রীধাৰী, আই টি আইৰ ডিগ্রীধাৰী হোৱা হ’ব লাগিব৷ স্নাতকোত্তৰ/স্নাতক/ডিপ্ল’মাধাৰী অভিযন্তাসকলে প্রশিক্ষণৰ সময়ছোৱাত মাহে ১৮,৪১৫ টকা আৰু আই টি আইৰ ডিপ্ল’মাধাৰী প্রার্থীয়ে মাহে ১৩,৬১৫ টকা লাভ কৰিব৷ আগ্রহীসকলে বিজ্ঞাপন বিষয়ক বিশদ বিৱৰণৰ লগতে পদৰ বাবে থাকিবলগীয়া শৈক্ষিক অর্হতা, অভিজ্ঞতা, বয়সকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈ বিভাগীয় ৱেবছাইটhttps://portal2.nrl.co.in/ApprenticeTrainee/ApplicationForm_new.aspx.লগ ইন কৰিব পাৰে৷ অনলাইনযোগে আবেদন দাখিলৰ অন্তিম তাৰিখ ১০ মার্চ ২০০২৷