পাটনাৰ অখিল ভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠানত ষ্টাফ নার্ছৰ ২০৬ পদ
কেন্দ্রীয় চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয়ৰ অধীনৰ এখন স্বতন্ত্র প্রতিষ্ঠান পাটনাৰ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েঞ্চ অর্থাৎ অখিল ভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠানত মুকলি হৈছে চাকৰি লাভৰ সুযোগ৷ নিযুক্তি সন্দর্ভত প্রতিষ্ঠানখনৰ উপ–সঞ্চালকে ৰাষ্ট্রীয় সংবাদ পত্রত এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ তথ্য অনুসৰি ষ্টাফ নার্ছৰ মুঠ ২০৬টা পদত অচিৰেই যোগ্য প্রার্থী নিয়োগ কৰা হ’ব৷ মুঠ খালী পদৰ ভিতৰত ৮১টা অসংৰক্ষিত থকাৰ বিপৰীতে আর্থিকভাৱে দুর্বল শ্রেণীৰ ২০টা, অ’বিচিৰ ৫৪টা, এছচিৰ ৩৬টা আৰু এছটিৰ বাবে ১৫টা পদ সংৰক্ষিত থাকিব৷ আবেদনকাৰী ভাৰতীয় নার্ছিং কাউন্সিলৰ দ্বাৰা স্বীকৃতিপ্রাপ্ত প্রতিষ্ঠান নাইবা বিশ্ববিদ্যালয়ৰ পৰা বিএছচি নার্ছিং পাঠ্যক্রমৰ ডিগ্রীধাৰী অথবা ভাৰতীয় নার্ছিং কাউন্সিলৰ দ্বাৰা স্বীকৃতিপ্রাপ্ত প্রতিষ্ঠান নাইবা বিশ্ববিদ্যালয়ৰ পৰা বিএছচি নার্ছিং–পোষ্ট চার্টিফিকেট/পোষ্ট বেছিক ডিগ্রীধাৰী আৰু ৰাজ্যিক/ভাৰতীয় নার্ছিং পৰিষদত নার্ছ/মিডৱাইফ হিচাপে নাম পঞ্জীয়নবদ্ধ থকা হ’ব লাগিব অথবা ভাৰতীয় নার্ছিং কাউন্সিলৰ দ্বাৰা স্বীকৃতিপ্রাপ্ত প্রতিষ্ঠান নাইবা বিশ্ববিদ্যালয়ৰ পৰা জিএনএম পাঠ্যক্রমৰ ডিপ্ল’মাধাৰী আৰু ৰাজ্যিক/ভাৰতীয় নার্ছিং পৰিষদত নার্ছ/মিডৱাইফ হিচাপে নাম পঞ্জীয়নবদ্ধ থকাৰ উপৰি ৫০খন বিছনাযুক্ত হাস্পতালত ২ বছৰ সংশ্লিষ্ট খণ্ডত কর্ম অভিজ্ঞতা থকা হ’ব লাগিব৷ পদৰ ধার্য দৰমহাৰ নিৰিখ মাহে ৯,৩০০–৩৪,৮০০ টকাসহ ৪,৬০০ টকাৰ গ্রেড পে৷ বয়স ২১–৩০ বছৰৰ ভিতৰত হ’ব লাগিব৷ অপ্রতিদেয় আবেদন মাচুল হিচাপে প্রার্থীসকলে ১৫০০ টকা (সাধাৰণ/অ’বিচি) আৰু ১২০০ টকা (এছচি/এছটি/আর্থিকভাৱে দুর্বল) অনলাইন এপ্লিকেচন প’র্টেলযোগে পৰিশোধ কৰিব লাগিব৷ পদপ্রত্যাশীসকলে নিযুক্তি বিষয়ক বিতং তথ্য আৰু অন্যান্য চর্তাৱলীৰ লগতে অনলাইনযোগে আবেদন দাখিল কৰিবলৈ প্রতিষ্ঠানখনৰ ৱেবছাইটwww.aiimspatna.org লগ–ইন কৰিব লাগিব৷ আবেদন গ্রহণৰ অন্তিম দিন ১২ ফেব্রুৱাৰী ২০২০৷