বন আৰু বন্যপ্রাণী বিভাগত ২২৬ চাকৰি
ভাৰত চৰকাৰৰ বন আৰু বন্যপ্রাণী বিভাগত খালী হৈছে একাধিক পদ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি বিভাগীয় কর্তৃপক্ষই ৰাষ্ট্রীয় সংবাদ–পত্রত এক বিস্তৃত নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ তথ্য অনুসৰি মুঠ ২২৬টা খালী পদৰ ভিতৰত আছে– ফৰেষ্ট ৰেঞ্জাৰ ৪টাঃ প্রার্থী বিজ্ঞান/ইঞ্জিনীয়াৰিঙৰ স্নাতক ডিগ্রীধাৰী হ’ব লাগিব৷ বয়স সর্বোচ্চ ৩০ বছৰ৷ দৰমহাৰ নিৰিখ মাহে ৩৫,৪০০–১,১২,৪০০ টকা৷ ফৰেষ্ট গার্ড ২১১টাঃ ইয়াৰে ৮৮টা অসংৰক্ষিত, এছচিৰ ৩০টা, এছটিৰ ১৫টা, অ’বিচিৰ ৫৭টা আৰু আর্থিকভাৱে দুর্বল শ্রেণীৰ প্রার্থীৰ বাবে ২১টা পদ৷ প্রার্থীৰ শৈক্ষিক অর্হতা দ্বাদশ শ্রেণী উত্তীর্ণ হ’ব লাগিব৷ বয়স ১৮–২৭ বছৰ৷ দৰমহাৰ নিৰিখ মাহে ৫,২০০–২০,২০০ টকাসহ ২,০০০ টকাৰ গ্রেড পে৷ ৱাইল্ডলাইফ গার্ড/গেম ৱাটছাৰ ১১টাঃ প্রার্থী দশম শ্রেণী উত্তীর্ণ হোৱা হ’ব লাগিব৷ বয়স ১৮–২৭ বছৰ৷ দৰমহাৰ নিৰিখ মাহে ১৮,০০০–৫৬,৯০০ টকা৷ শৈক্ষিক অর্হতাৰ উপৰিও পুৰুষ প্রার্থীৰ শৰীৰৰ উচ্চতা ১৬৩ চে.মি. আৰু মহিলাৰ ১৫৩ চে.মি. হোৱাটো বাঞ্ছনীয়৷ আবেদন মাচুল হিচাপে ১,৮০০ টকা অনলাইন মাধ্যমেৰে পৰিশোধ কৰিব লাগিব৷ অৱশ্যে মহিলা আৰু সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে এই মাচুল দিব নালাগে৷ আগ্রহীসকলে বিজ্ঞাপন বিষয়ক বিশদ বিৱৰণৰ লগতে অনলাইনযোগে আবেদন দাখিল কৰিবলৈ বিভাগীয় ৱেবছাইটhttps://forest.delhigovt.nic.in লগ–ইন কৰিব পাৰে৷ আবেদন দাখিলৰ অন্তিম তাৰিখ ১৩ ফেব্রুৱাৰী ২০২০৷ উক্ত খালী পদসমূহ অসমকে ধৰি মেঘালয়, অৰুণাচল প্রদেশ, মিজোৰাম, মণিপুৰ, নাগালেণ্ড, ত্রিপুৰা আৰু ছিকিমত পূৰণ কৰা হ’ব৷