নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্যুৰ’ অৱ ইণ্ডিয়ান ষ্টেণ্ডার্ছত ১৫০ পদ আবেদন গ্রহণৰ অন্তিম দিন ৩১ মার্চ

খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্রণালয়ৰ অধীনস্থ এটি স্বতন্ত্র সংস্থা ব্যুৰ’ অব্ ইণ্ডিয়ান ষ্টেণ্ডার্ছত মুকলি হৈছে চাকৰি লাভৰ সোণালী সুযোগ৷ অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন আহ্বান কৰি মানৱ সম্পদ বিভাগৰ মুৰব্বীয়ে এক নিয়োগ বিজ্ঞাপন ৰাষ্ট্রীয় সংবাদ–পত্রত প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি খালী পদ পূৰণ হ’বলগীয়া বিভাগসমূহ হৈছে– মেকানিকেল ইঞ্জিনীয়াৰিং (৪৮), মেটালার্জিকেল ইঞ্জিনীয়াৰিং (২৫), চিভিল ইঞ্জিনীয়াৰিং (৭), ইলেক্ট্রিকেল ইঞ্জিনীয়াৰিং (১৯), ইলেক্ট্র’নিকছ এণ্ড টেলী কমিউনিকেচন ইঞ্জিনীয়াৰিং (৫), কম্পিউটাৰ ইঞ্জিনীয়াৰিং (১১), ফুড টেকন’ল’জী (১৪), কেমিকেল ইঞ্জিনীয়াৰিং (১৬), বায়’টেকন’ল’জী (১), পেট্র’ কেমিকেল ইঞ্জিনীয়াৰিং (১) আৰু বায়’ মেডিকেল ইঞ্জিনীয়াৰিং (৩)৷ মুঠ পদৰ ভিতৰত অসংৰক্ষিত ৫৩টা, অবিচিৰ ৪৭টা, এছচিৰ ২১টা, এছটিৰ ১২টা আৰু আর্থিকভাৱে দুর্বল শ্রেণীৰ প্রার্থীৰ শিতানত ১৭টা পদ সংৰক্ষিত থাকিব৷ আবেদনকাৰী ইঞ্জিনীয়াৰিং/টেকন’ল’জী স্নাতক ডিগ্রীধাৰী আৰু বৈধ গেট–২০১৮/১৯/২০ প্রমাণ–পত্র থকা হ’ব লাগিব৷ বয়স ৩১ মার্চ ২০২০লৈ সর্বোচ্চ ৩০ বছৰ৷ বয়সৰ উর্ধসীমা সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে চৰকাৰী বিধিগত ৰেহাই লাভ কৰিব৷ আগ্রহীসকলে নিযুক্তি সম্পর্কীয় সবিশেষ তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া শৈক্ষিক অর্হতা, অভিজ্ঞতা, বয়সকে ধৰি অন্যান্য চর্তাৱলী আৰু অনলাইনযোগে আবেদন কৰিবলৈ বিভাগীয় ৱেবছাইটwww.bis.gov.in লগ ইন কৰিব পাৰিব৷ অনলাইনযোগে আবেদন দাখিলৰ অন্তিম তাৰিখ ৩১ মার্চ৷

You might also like