নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় উপকূলৰক্ষী বাহিনীত ২৬০ পদৰ বিজ্ঞাপন

প্রতিৰক্ষা মন্ত্রালয়ৰ অধীনস্থ ভাৰতীয় উপকূলৰক্ষী বাহিনীত খালী হৈছে নাৱিকৰ ২৬০টা পদ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি বিভাগীয় কর্তৃপক্ষই এক বিস্তৃত নিয়োগ বিজ্ঞাপন ডিএভিপিৰ জৰিয়তে প্রকাশ কৰিছে৷ মুঠ খালী পদ ২৬০টাৰ ভিতৰত অসংৰক্ষিত ১১৩টা, অ’বিচিৰ ৭৫টা, এছটিৰ ১৩টা, এছচিৰ ৩৩টা আৰু আর্থিকভাৱে দুর্বল শ্রেণীৰ বাবে ২৬টা পদ আছে৷ আবেদনকাৰী গড়ে ৫০ শতাংশ নম্বৰেৰে গণিত আৰু পদার্থ বিজ্ঞান বিষয়সহ দ্বাদশ শ্রেণী উত্তীর্ণ হোৱা হ’ব লাগিব৷ বয়স ১৮–২২ বছৰ যদিও প্রার্থীৰ জন্ম ১ আগষ্ট, ১৯৯৮ৰ পৰা ৩১ জুলাই ২০০২ৰ ভিতৰত হোৱা হ’ব লাগিব৷ নিযুক্তিপ্রাপ্তই বেচিক পে’ হিচাপে মাহে ২১,৭০০ টকাসহ অন্যান্য ভাট্টা লাভ কৰিব৷ পৰৱর্তী পর্যায়ত প্রধান অধিকাৰী পদলৈ পদোন্নতি হোৱাৰ পিছত মাহে ৪৭,৬০০ টকাসহ অন্যান্য ভাট্টা লাভ কৰিব৷ পদপ্রত্যাশীসকলে নিযুক্তি সম্পর্কীয় সবিশেষ তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া শিক্ষাগত অর্হতাকে ধৰি অন্যান্য চর্তাৱলীৰ লগতে অনলাইনযোগে আবেদন দাখিল কৰিবলৈ বিভাগীয় ৱেবছাইটwww.joinindiancoastguard.gov.in লগ–ইন কৰিব পাৰে৷ অনলাইনযোগে আবেদন দাখিল প্রক্রিয়া অহা ২৬ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব৷ এই প্রক্রিয়া ২ ফেব্রুৱাৰী, ২০২০লৈ অব্যাহত থাকিব

You might also like