নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় বায়ুসেনাত ২৪৯ পদ খালী; ৩০ ডিচেম্বৰৰ ভিতৰত আবেদন আহ্বান

ভাৰতীয় বায়ুসেনাত ২৪৯ পদত প্রার্থী নিয়োগৰ প্রস্তুতি চলিছে ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি বায়ুসেনাৰ নিযুক্তি বিভাগৰ বিষয়াই এক নিয়োগ বিজ্ঞাপন ৰাষ্ট্রীয় সংবাদ পত্রত প্রকাশ কৰিছে ৷

প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি খালী পদ পূৰণ হ’বলগীয়া বিভাগসমূহ হৈছে– ফ্লাইং–এএফচিএটি, গ্রাউণ্ড ডিউটী–টেকনিকেল, ফ্লাইং–এনচিচি আৰু গ্রাউণ্ড ডিউটী–নন–টেকনিকেল

ফ্লাইং শিতানৰ প্রার্থীৰ বয়স ১ জানুৱাৰী ২০২১লৈ ২০–২৪ বছৰৰ ভিতৰত আৰু গ্রাউণ্ড ডিউটী শিতানৰ প্রার্থীৰ বয়স ২০–২৬ বছৰৰ ভিতৰত হ’ব লাগিব ৷ বয়সৰ ঊর্ধ্বসীমাত সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে বিধিগত ৰেহাই লাভ কৰিব ৷

দৰমহাৰ নিৰিখ মাহে ৫৬,১০০–১,১০,৭০০ টকাসহ ১৫,৫০০ টকাৰ এমএছপি ৷ অৱশ্যে প্রশিক্ষণৰ সময়ছোৱাত মাহে ৫৬,১০০ টকা লাভ কৰিব ৷

ইচ্ছুকসকলে সম্পূর্ণ নিয়োগ বিজ্ঞাপন আৰু অনলাইনযোগে আবেদন দাখিল কৰিবলৈ বিভাগীয় ৱেবছাইটhttps://careerindianairforce.cdac.in & https://afcat.cdac.in লগ–ইন কৰিব পাৰে৷

অনলাইনযোগে আবেদন গ্রহণৰ প্রক্রিয়া ৩০ ডিচেম্বৰ ২০১৯ লৈ অব্যাহত থাকিব ৷

You might also like