নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় ৰে’লৱেত শিক্ষানবিচৰ ১২৭৩ পদ

ভাৰতীয় ৰে’লৱেত অচিৰেই শিক্ষানবিচৰ ১,২৭৩ পদত প্রার্থী নিয়োগ কৰা হ’ব৷ এই বিষয়ে ইতিমধ্যে ভাৰতীয় ৰে’লৱে কর্তৃপক্ষই এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ তথ্য অনুসৰি খালী পদ পূৰণ হ’বলগীয়া ট্রেডসমূহ হৈছে– ডিজেল মেকানিক (১০০), ইলেক্ট্রিচিয়ান (৩৮০), ৱেল্ডাৰ–গেছ এণ্ড ইলেক্ট্রিক (৫১), মেচিনিষ্ট (১৬), ফিটাৰ (৩৪৫), টার্নাৰ (১০), ৱায়াৰমেন (৪৩), মেচন (২৫), কার্পেণ্টাৰ (২০), পেইণ্টাৰ (১৫), গার্ডেনাৰ (২০), ফ্ল’ৰিষ্ট এণ্ড লেণ্ডস্কেপিং (১০), পাম্প অপাৰেটৰ কাম মেকানিক (৩০), হর্টিকালচাৰ এছিছটেণ্ট (১৫), ইলেক্ট্র’নিক মেকানিক (৩০), ইনফর্মেচন এণ্ড কমিউনিকেচন টেকনিচিয়ান (১০), চি’পিএ (৬০), ষ্টেন’গ্রাফাৰ (৩০), বেকাৰ এণ্ড কনফ্রেকছাৰ (৬), এপ্রেণ্টিচ ফুড প্রডাকচন (২০), হোটেল ক্লার্ক/ৰিচিপছনিষ্ট (২), ডিজিটেল ফটোগ্রাফী (২), এছিছটেণ্ট ফ্রণ্ট অফিচ মেনেজাৰ (২), কম্পিউটাৰ নেটৱর্কিং টেকনিচিয়ান (৬), ক্রিচ মেনেজমেণ্ট এছিছটেণ্ট (৩), ছেক্রেটেৰিয়েল এছিছটেণ্ট (৬), হাউছকীপাৰ (১২), হেল্থ চেনিটেৰী ইন্সপেক্টৰ (২) আৰু দেন্তেল লেবৰেট’ৰী টেকনিচিয়ান (২)৷ আবেদনকাৰী দশম শ্রেণী উত্তীর্ণ আৰু সংশ্লিষ্ট ট্রেডত আই টি আইৰ প্রমাণ–পত্রধাৰী হ’ব লাগিব৷ বয়স ১ জানুৱাৰী ২০২০লৈ ১৫–২৪ বছৰ ভিতৰত হ’ব লাগিব৷ বয়সৰ ঊর্ধ্বসীমাত সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে ৰেহাই লাভ কৰিব৷ আগ্রহীসকলে নিযুক্তি সম্পর্কীয় সবিশেষ তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলীকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈ ৱেবছাইটwww.mponline.gov.in লগ–ইন কৰিব পাৰে৷ আবেদন গ্রহণৰ অন্তিম দিন ১৪ ফেব্রুৱাৰী ২০২০৷

You might also like