নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মীন বিভাগত ১২ পদ

অসম চৰকাৰৰ মীন বিভাগত খালী হৈছে মীন উন্নয়ন বিষয়াৰ ১২টা পদ৷ ইতিমধ্যে অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন আহ্বান কৰি অসম লোকসেৱা আয়োগৰ উপ–সচিবে এক নিয়োগ বিজ্ঞাপন সংবাদ–পত্রত প্রকাশ কৰিছে৷ বিজ্ঞাপনৰ তথ্য অনুসৰি মুঠ পদৰ ভিতৰত অসংৰক্ষিত ৫টা, অ’বিচি/এম’বিচিৰ ৩টা, আর্থিকভাৱে দুর্বল শ্রেণীৰ ১টা, এছচিৰ ১টা, এছটি–পিৰ ১টা আৰু এছটি–এইচৰ ১টা পদ আছে৷ প্রার্থী ফিছাৰী ছায়েন্স বিষয়ৰ স্নাতক/স্নাতকোত্তৰ ডিগ্রীধাৰী হ’ব লাগিব৷ নিযুক্তিৰ ক্ষেত্রত সংশ্লিষ্ট খণ্ডত কর্ম অভিজ্ঞতা থকা প্রার্থীয়ে অগ্রাধিকাৰ লাভ কৰিব৷ দৰমহাৰ নিৰিখ মাহে ৩০,০০০–১,১০,০০০ টকাসহ ১২,৭০০ টকাৰ গ্রেড পে৷ বয়স ১ জানুৱাৰী ২০১৯লৈ ২১–৩৮ বছৰৰ ভিতৰত হ’ব লাগিব৷ বয়সৰ ঊর্ধ্বসীমাত সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে ৰেহাই লাভ কৰিব৷ আবেদন মাচুল হিচাপে সাধাৰণ আৰু আর্থিকভাৱে দুর্বল শ্রেণীৰ প্রার্থীয়ে ২৫০ টকা, আনহাতে এছচি, এছটি, অ’বিচি আৰু এম’বিচি শ্রেণীৰ প্রার্থীয়ে ১৫০ টকা ট্রেজাৰী চালানৰযোগে পৰিশোধ কৰিব লাগিব৷ নির্ধাৰিত প্র–পত্র অসম লোকসেৱা আয়োগৰ ৱেবছাইট ৰ পৰা ডাউনলোড কৰি ল’ব লাগিব৷ পদপ্রত্যাশীয়ে যাৱতীয় নথি–পত্রৰ প্রতিলিপিসহ আবেদন’Deputy Secretary, APSC, Jawaharnagar, Khanapara, Guwahati-22′ ঠিকনালৈ প্রেৰণ কৰিব পাৰে৷ আবেদন গ্রহণৰ অন্তিম দিন ৩০ ফেব্রুৱাৰী ২০২০৷

You might also like