মীন বিভাগত ১২ পদ; অসম লোকসেৱা আয়োগৰ আবেদন আহ্বান
অসম চৰকাৰৰ মীন বিভাগত খালী হৈছে ফিছাৰী ডেভেলপমেণ্ট অফিচাৰ এণ্ড এলাইড কেডাৰৰ ১২টা পদ৷ অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন আহ্বান কৰি অসম লোকসেৱা আয়োগৰ তৰফৰ পৰা বিভাগীয় কর্তৃপক্ষই এক বিস্তৃত নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ আবেদনকাৰী বিএফএছচি/ডিএফএছচি নাইবা এমএছচি–ফিছাৰী ডিগ্রীধাৰী হ’ব লাগিব৷ নিযুক্তিৰ ক্ষেত্রত মীন বিভাগত পূর্বে কর্ম অভিজ্ঞতা থকা প্রার্থীক অগ্রাধিকাৰ দিয়া হ’ব৷ দৰমহাৰ নিৰিখ মাহে ৩০,০০০–১,১০,০০০ টকাসহ ১২,৭০০ টকাৰ গ্রেড পে৷ বয়স ১ জানুৱাৰী ২০১৯লৈ ২১–৩৮ বছৰ৷ বয়সৰ ঊর্ধ্বসীমাত সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে বিধিগত ৰেহাই লাভ কৰিব৷ আবেদন মাচুল হিচাপে ট্রেজাৰী চালানযোগে সাধাৰণ আৰু আর্থিকভাৱে দুর্বল শ্রেণীৰ প্রার্থীয়ে ২৫০ টকা পৰিশোধ কৰাৰ বিপৰীতে এছচি, এছটি, অ’বিচি/এম’বিচি শ্রেণীৰ প্রার্থীয়ে ১৫০ টকা পৰিশোধ কৰিব লাগিব৷ অৱশ্যে দাৰিদ্র্য সীমাৰেখাৰ তলৰ শ্রেণীৰ প্রার্থীয়ে এই মাচুল দিব নালাগে৷ ইচ্ছুক প্রার্থীয়ে নিযুক্তিৰ বিষয়ক বিশদ তথ্যৰ লগতে অনলাইনযোগে আবেদন দাখিল কৰিবলৈ ৱেবছাইটwww.apsc.nic.in লগ–ইন কৰিব পাৰে৷
আবেদন গ্রহণৰ অন্তিম দিন ৩ ফেব্রুৱাৰী ২০২০৷