নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্বাস্থ্য সেৱা সঞ্চালকালয়ত নিযুক্তিৰ সুযোগ

অসম চৰকাৰৰ স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ তৰফৰ পৰা কম্পিউটাৰ এছিছটেণ্টৰ খালী পদ পূৰণৰ বিজ্ঞাপন প্রকাশ কৰা হৈছে৷ পদটো পিএনডিটি চেল তিনিচুকীয়া জিলাত পূৰণ কৰা হ’ব৷ আবেদনকাৰী উচ্চতৰ মাধ্যমিক উত্তীর্ণ হোৱা হ’ব লাগিব৷ ইয়াৰ উপৰি প্রার্থী কম্পিউটাৰ শিক্ষাৰ ডিপ্ল’মাধাৰী হ’ব লাগিব৷ নিযুক্তিপ্রাপ্তই মাহে ১৭,৩৮২ টকা লাভ কৰিব৷ প্রার্থী বাছনি সাক্ষাৎকাৰৰ মাধ্যমেৰে কৰা হ’ব৷ সাক্ষাৎকাৰলৈ আহোঁতে যাৱতীয় নথি–পত্রৰ মূল আৰু প্রত্যায়িত প্রতিলিপিসহ আবেদন প্র–পত্র পূৰ কৰি আনিব লাগিব৷ সাক্ষাৎকাৰ ২৬ ফেব্রুৱাৰী ২০২০ তাৰিখে অনুষ্ঠিত হ’ব৷ সাক্ষাৎকাৰৰ স্থান–Office of The District PNDT Cell of Tinsukia District, Office of The Director of Health Services (FW) Assam cum State Appropriate Authority, PNDT, Swasthya Bhawan, Hengrabari, Guwahati-36৷

You might also like